বীৰ হনুমান কেনেদৰে হল ইমান বলশালী

বীৰ হনুমান কেনেদৰে হল ইমান বলশালী

হনুমানৰ মাকৰ নাম অঞ্জনা,বায়ুদেৱতাৰ ফালৰপৰা হনুমানৰ জন্ম হল।তেওঁ জন্ম হৈছিল এটা গুহাৰ ভিতৰত।( Religious Studies )

মাকে এদিন ফল মূল বিচাৰি গুহাৰ বাহিৰলৈ যাঁওতে হনুমান ভোকত আতুৰ হৈ পৰিল।গুহাৰ বাহিৰলৈ আহি পকা ফলৰ দৰে উদিত সূৰুযক দেখা পালে।তাকে আনি খোৱাৰ হেঁপাহেৰে জাপ মাৰি বহু যোজন ওপৰলৈ উঠিল।পিতৃ বায়ুদেৱে কথাটো লক্ষ্য কৰি আছিল।সূৰ্য্যমণ্ডলৰ কাষত সৰু লৰা ভষ্ম হৈ যাব বুলি আংশকা কৰি তেওঁ বায়ুমণ্ডল শীতল কৰি তুলিলে।সূৰ্য্যদেৱেও পুতৌ কৰি উত্তাপ কমাই ৰাখিলে।সেইদিনা আকৌ সূৰ্য্য গ্ৰহণৰো দিন আছিল।সেয়েহে ৰাহুৱে সূৰ্য্যক গিলিবলৈ আহি আছিল,বাটত ৰাহুক লগ পায় হনুমানে প্ৰথমে তেওঁকে আক্ৰমণ কৰিলে।ৰাহু ভয়ত পলাই গৈ ইন্দ্ৰৰ শৰণাপন্ন হলগৈ।ইন্দ্ৰয়ো ঐৰাৱতত উঠি হনুমানক ব্ৰজেৰে আঘাত কৰিলে।আঘাত পাই হনুমান পৰ্বতৰ শিখৰত সৰি পৰিল।হনু অৰ্থাত,গালত আঘাত পোৱা বাবে..তেওঁৰ নাম হনুমান হল..( Religious Studies )

আঘাত পোৱা হনুমানক বায়ুৱে লৰালৰিকৈ লৈ গৈ গুহাত মাকৰ ওচৰত দিলেগৈ।ইফালে বায়ু গুহাত সোমোৱাত চাৰিওফালে বায়ুশূন্য হৈ হাঁহাকাৰ লাগিল।দেৱতাসকল বহ্মাৰ কাষ পালেগৈ,বহ্মাই সকলোকে লৈ গৈ গুহাত বায়ুক দেখুৱাই দিলে।বহ্মাৰ কৃপাত হনুমানে নৱজীৱন পালে।ইন্দ্ৰই কলে,বোলে হনুভংগ হোৱাত তেওঁ হনুমান নামে খ্যাত হওক।সূৰ্য্যই নিজৰ শক্তিৰ এক শতাংশ দান কৰিলে,বহ্মাৰ বৰত হনুমান হল ব্ৰহ্মজ্ঞ চিৰজীৱী।অন্য দেৱতায়ো ভাল ভাল বৰ দান কৰি গুচি গল.ল।

এনেদৰে মহাবলশালী হৈ হনুমানে ঋষিসকলৰ আশ্ৰমত উপদ্ৰব কৰি ফুৰিছিল।তেতিয়া ঋষিসকলে তেওঁক শাও দিলে যে,তেওঁ নিজৰ বল শক্তিৰ কথা পাহৰি থাকিব।পিছে সীতাক বিচাৰি লংকালৈ যোৱা আগ মূহুৰ্ততে বীৰ জম্বুবানে তেওঁৰ পূৰ্ব বৃতান্ত সোৱঁৰাই দিয়াতহে পূৰ্বৰ বল শক্তি পুনৰ লাভ কৰিলে।

GTM Desk