বুধবাৰে অগপৰ আমবাৰী স্থিত মুখ্য কাৰ্য্যালয়ত সহস্ৰাধিক সমৰ্থকৰে সৈতে অগপত যোগদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তই।

1 min read

বুধবাৰে অগপৰ আমবাৰী স্থিত মুখ্য কাৰ্য্যালয়ত সহস্ৰাধিক সমৰ্থকৰে সৈতে অগপত যোগদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তই। অগপৰ কৰ্মী সকলে যুৱ নেতাজনক ঢোল-দগৰে দলৰ মজিয়ালৈ আদৰণি জনায়। গুৱাহাটী ক্লাৱৰ পৰা সমৰ্থক সকলৰ সৈতে সমদল কৰি অগপৰ কাৰ্য্যালয়ত উপস্থিত হয় নেতাজন। ১৯৯৭ চনত আছুত যোগদান কৰি ছাত্ৰ ৰাজনীতিৰ পাতনি মেলা মনিমাধৱ মহন্তই ১৯ বছৰ আছুত সেৱা আগবঢ়াই উপ-সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি চলিত বৰ্ষৰ ১৪ মাৰ্চত আনুষ্ঠানিকভাবে দলটোৰ পৰা বিদায় লয়।

মনি মাধৱ মহন্তৰ সৈতে জনস্বাস্থ্য বিভাগৰ প্ৰাক্তন অভিযন্তা নিকুঞ্জ দাসকে ধৰি আছু কৰ্মী হৃদয়ানন্দ দাস, অভিজিত দাস, মু্ন্না শৰ্মা, ৰিংকুমণি ডেকা, ৰিদিপ নাথ, শশাংক বৰুৱা, দ্বিগেন বৰুৱা আৰু সহস্ৰাধিক আছু কৰ্মীয়ে আজি অগপত যোগদান কৰে।

Dipanjali Sarma report, Guwahati Times Media.https://youtu.be/Pe2TZaNcTUQ

You May Also Like

More From Author