বোকাজানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৃহৎ মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচী

1 min read
আদিবাসী সংগঠনসমূহৰ দীৰ্ঘদিনীয়া দাবী জনগোষ্ঠীটোক জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান, উপগ্ৰহীয় স্বায়ত্ত পৰিষদ প্ৰদানকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে বোকাজানৰ সৰিয়হজানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ  বোকাজান আঞ্চলিক সমিতিৰ উদ্যোগত এক বৃহৎ মানৱ শৃংখলেৰে প্ৰতিবাদী  কাৰ্যসূচী ৰূপায়ন কৰা হয়। সৰিয়হজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ দৈনিক বজাৰত তিনি ঘণ্টাজোৰা মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীসকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড লৈ আছা জিন্দাবাদ, অসম চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰক, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰক,  জনজাতিকৰণ আমাৰ নৈতিক দাবী, জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ, জাতিগত প্ৰমাণপত্ৰৰ পৰা চাহ জনজাতি শব্দ প্ৰত্যাহাৰ কৰক, আদিবাসীক উপগ্ৰহীয় স্বায়ত্ত পৰিষদ প্ৰদান কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। আছাৰ কাৰ্বি আংলং জিলা সমিতিৰ শিক্ষা সম্পাদক ৰবিনচন মালাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি শাসিত ৰাজ্যিক চৰকাৰখনে কৰা প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি দলে জনগোষ্ঠীটোক প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বিজেপি চৰকাৰেও জনগোষ্ঠীটোক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচন আহিলেই বিভিন্ন আঁচনিৰে আভুৱা ভাৰি আহিছে বুলিও নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ লগতে আদিবাসী জনগোষ্ঠীৰ লোকসকলক প্ৰদান কৰা জাতিগত প্ৰমাণপত্ৰত আদিবাসীসকলক “চাহ জনজাতি” বুলি উল্লেখ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি জাতিগত প্ৰমাণপত্ৰৰ পৰা এই শব্দ প্ৰত্যাহাৰ উপৰি আদিবাসীসকলৰ বাবে উপগ্ৰহীয় স্বায়ত্ত পৰিষদ প্ৰদান কৰাৰো দাবী জনায় সংগঠনটোৰ নেতাগৰাকীয়ে।
আনহাতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠনটোৰ বোকাজান আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে বাবলু কুজুৰ আৰু শ্যাম কৰ্মকাৰে বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি বিধানসভাৰ পৰৱৰ্তী শীতকালীন অধিবেশনত অসমৰ আদিবাসীসকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ বিষয়টো উত্থাপিত নহলে আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনত সংগঠনটোৱে বিজেপি দলৰ বিৰুদ্ধে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি ছাত্ৰনেতা দুগৰাকীয়ে হুংকাৰ প্ৰদান কৰে।
Source: Niyomiya Barta

You May Also Like

More From Author