Advertisement

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ডেকাপাৰাত হোৱা হত্যাকাণ্ডৰ হত্যাকাৰী আৰু লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ আজাৰা আৰক্ষীৰ

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ডেকাপাৰাত হোৱা  হত্যাকাণ্ডৰ হত্যাকাৰী আৰু লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ আজাৰা আৰক্ষীৰ

পুনৰ ৰাজ্যত পৰোকীয়া প্ৰেমৰ বাবে হত্যাৰ বলি হৈছে এগৰাকী মহিলা ।। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোট দান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ডেকাপাৰাত ভাড়াতিয়া ৰুমত পুতি থোৱা অবস্থাত উদ্ধাৰ হৈছিল মহিলাৰ মৃত দেহ ।। মৃত মহিলা গৰাকীৰ নাম সুনিতা মুন্ডা ।। বাক্সাজিলাৰ সুনিতা মুণ্ডাই প্ৰায় 1 বছৰ ধৰি স্বামীৰ বাক্সা জিলাৰ গৌতম ৰয়ৰ সৈতে ভাড়াতীয়া হিচাবে বাস কৰিছিল ।। স্বামী গৌতম ৰয় ডেকাপাৰা, VIP অঞ্চলত দিনহাজিৰা কৰিছিল ।। স্বামীয়ে পত্নী সুনিতা মুন্ডাক হত্যা কৰি পলায়ন কৰিছিল ডেকাপাৰাৰ পৰা ।। তাৰ পিছত আজাৰা আৰু বৰঝাৰ আৰক্ষীয়ে অভিযান চলাই যোৱা 9 মে’ৰ নিশা সোণাপুৰ ক্ষেত্ৰীৰ পৰা পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী স্বামী গৌতম ৰয়ক ।। তাৰ পিছত গৌতম ৰয়ক আজাৰা আৰক্ষীয়ে আদালতত হাজিৰ কৰাই 5 দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে ।। 5 দিনৰ জিম্মাত আৰক্ষীৰ সোধ-পোছত পত্নী হত্যাকাৰী গৌতমৰ স্বীকাৰোত্তিত হত্যাকাণ্ডৰ লগত জড়িত দুজন লোক গ্ৰেপ্তাৰ ।। গ্ৰেপ্তাৰ হোৱা লোক দুজন বঙাইগাঁও জিলাৰ নেহালাগাওঁৰ মুকুন ৰয় আৰু বকোৰ 1 নম্বৰ বৰুৱাপথাৰৰ মেহেৰ আলী ওৰফে আব্দুল ।। এই দুজন লোক আত্মগোপন কৰি থকা অৱস্থাত আজাৰা আৰু বৰঝাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ।। আৰক্ষীয়ে জনোৱা মতে মৃত মহিলা সুনিতা মুন্ডা আৰু মুকুন ৰয় মাজত আছিল অবৈধ সম্পৰ্ক ।। স্বামী গৌতম ৰয় দিন হাজিৰা কৰি দুপৰীয়াৰ অহাৰ খাব ভাড়াতীয়া ৰুমত উভতি আহি দেখিছিল পত্নী সুনিতা আৰু মুকুন ৰয় মদ্যপ্ৰাণ কৰি শুই আছিল ।। তাৰ পিছত কিছু মাৰপিত হৈছিল মাজত , আৰু পলায়ন কৰিছিল মুকুন ৰয় ।। কিছু সময় পিছত স্বামী গৌতম ৰয় দিন হাজিৰা কৰিব ওলাই গৈছিল আৰু সন্ধীয়া সময়ত গৌতম ৰয় বন্ধু মেহেৰ আলীৰ ভাড়া ৰুমলৈ উভতি দেখা পাইছিল পুনৰ ৰুমত মুকুন ৰয় আৰু পত্নীক ।। তাৰ পিছত স্বামীয়ে এডাল বাঁহেৰে বেয়া কৈ মাৰ ধৰ কৰাত থিতাতে মৃত্যু হৈছিল পত্নীৰ ।। পত্নী সুনিতা মুন্ডাৰ মৃত হোৱাত তিনিও জন মিলি ৰুমৰ ভিতৰতত গাত খান্দি পুতি থৈছিল মহিলা গৰাকীৰ মৃত দেহ ।। আৰু পলায়ন কৰিছিল ডেকাপাৰাৰ পৰা ।। আৰক্ষীয়ে ঘটনাস্থলিৰ পৰা উদ্ধাৰ কৰে মৰিয়াই মৰিয়াই হত্যা কৰা এডাল টুকুৰা ।। আজাৰা আৰক্ষীয়ে হত্যাকাণ্ডৰৰ লগত জড়িত স্বামী গৌতম ৰয়, প্ৰেমিক মুকুন ৰয় আৰু বন্ধু মেহেৰ আলীক জেল হাজতলৈ প্ৰেৰণ কৰে ।

Shahnawaz Hamza

Related