ভগৱান বিষ্ণুৰ ১০ অৱতাৰৰ ভিতৰত চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ

1 min read

নৰসিংহ অৱতাৰ-হিন্দু ধৰ্মৰ গ্ৰন্থৰ অনুসৰি-ভগৱান বিষ্ণুৰ ১০অৱতাৰৰ ভিতৰত-চতুৰ্থ অৱতাৰ।পৃথিৱী উদ্ধাৰৰ সময়ত-ভগৱান বিষ্ণুৱে বৰাহ ৰূপত হিৰণ্যাক্ষক বধ কৰিছিল। ( Religious Studies)

এই কাৰণে- হিৰণ্যাক্ষৰ ককায়েক হিৰণ্যকশিপুৰৰ বৰ খং উঠিছিল।তেওঁ অমৰ হবলৈ শপত ললে আৰু ব্ৰহ্মাদেৱক তপস্যা কৰিবলৈ আৰম্ভ কৰিলে।ব্ৰহ্মাদেৱে সন্তষ্ট হৈ-হিৰণ্যকশিপুৰক বৰ প্ৰদান কৰিলে।বৰ লাভ কৰিয়ে হিৰণ্যকশিপুৰে স্বৰ্গত অধিকাৰ কৰিলে। দেৱতাসকল নিৰুপায় হৈছিল। হিৰণ্যকশিপুৰৰ চাৰিজন পুত্ৰ আছিল।

*এদিনাখন হিৰণ্যকশিপুৰে-তেওঁৰ আটাইতকৈ সৰু পুত্ৰ প্ৰহ্লাদক সুধিলে-পুত্ৰ তোমাৰ আটাইতকৈ কি বেছি ভাল লাগে!প্ৰহ্লাদে কলে- মই শ্ৰী হৰিৰ ভজন কৰি ভালপাঁও।

*প্ৰহ্লাদৰ এনে কথা শুনি-হিৰণ্যকশিপুৰৰ বৰ খং উঠিল।আৰু প্ৰহ্লাদক নানান শাস্তি দিবলৈ ধৰিলে।কাৰণ-ই মোৰ শক্ৰৰ পক্ষে গৈছে।তেতিয়া দৈত্য সকলে-প্ৰহ্লাদক নানান শাস্তি দিবলৈ ধৰিলে।কিন্তু আহৰহ চেষ্টা কৰিও প্ৰহ্লাদক একো কৰিব নোঁৱাৰিলে।তেতিয়া দৈত্যসকল হৎভম্বীত হল।

*শেষত হিৰণ্যকশিপুৰে-প্লহ্লাদক সুধিলে-তই কাৰ বলত মোক ইমান অপমান কৰিছ!কোন সেইজন!কত আছে! প্ৰহ্লাদে-কলে-সকলোতে আছে।প্ৰহ্লাদৰ কথা শুনি-প্ৰহ্লাদক বান্ধি ৰখা খুটাতে মাৰিবলে ধৰিলে। ( Religious Studies)

কিছু সময়ৰ পাছত-সেই স্তম্ভৰ পৰা-ডাঙৰ শব্দ ওলায়।ক্ষন্তেক সময়ৰ পাছত দেখিলে যে-সমস্ত শৰীৰ মনুষ্যৰ আৰু মূৰটো সিংহৰ।ডাঙৰ নাক,দাঁত আৰু ৰঙা চকুৰে অন্য এক ভয়ানক জীৱ এটা স্তম্ভৰপৰা ওলায় আহি-হিৰণ্যকশিপুৰক নৰসিংহই হাতৰ নখেৰে ধৰি ললে।কিন্তু সেই সময়ত-শিৰণ্যকশিপুৰে কবলৈ ধৰিলে যে-মোক কোনেও বধ কৰিব নোঁৱাৰে।ব্ৰহ্মাদেৱৰ দ্বাৰা মই বৰদান প্ৰাপ্ত।মই অমৰ।আকাশ-পাতাল,দিন-ৰাতি, মাটি-পানী,কতোৱে মোক বধ কৰিব নোঁৱাৰে।

*কিন্তু শেষত ভগৱান বিষ্ণুৱে-হিৰণ্যকশিপুৰক সন্ধিয়া সময়ত বধ কৰে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author