ভাৰতত নহয়, পৃথিৱীৰ সবাতোকৈ ডাঙৰ বিষ্ণু মন্দিৰ আছে মুছলিম সংখ্যাগৰিষ্ঠ দেশত

ভাৰতত নহয়, পৃথিৱীৰ সবাতোকৈ ডাঙৰ বিষ্ণু মন্দিৰ আছে মুছলিম সংখ্যাগৰিষ্ঠ দেশত

ভাৰতত নহয়, পৃথিৱীৰ সবাতোকৈ ডাঙৰ বিষ্ণু মন্দিৰ আছে মুছলিম সংখ্যাগৰিষ্ঠ দেশত

হিন্দু ধৰ্মত পূজা কৰা হয় ভগৱান বিষ্ণুক। সমগ্ৰ ভাৰততে বিভিন্ন প্ৰান্তত বহু বিষ্ণু মন্দিৰ আছে। কিন্তু আপুনি গ’ম পালে হয়তো আচৰিত হব ।ে পৃথিৱীৰ সবাতোকৈ সু-উচ্চ বিষ্ণু মন্দিৰ ভাৰতত নহয় অন্য দেশতহে আছে।

য’ত পৃথিৱীৰ সবাতোকৈ উচ্চ বিষ্ণু মন্দিৰ আছে সেই দেশখন মুছলিমপ্ৰধান দেশ হিচাপে জনা যায়। উল্লেখ্য যে, বিশ্বৰ সবাতোকৈ উচ্চতম বিষ্ণু মন্দিৰটো ইণ্ডোনেছিয়াত আছে বুলি জানিব পৰা গৈছে।

এই মন্দিৰটোৰ ১২২ ফুট উচ্চ আৰু ৬৪ ফুুট বহল । এই মূৰ্তিৰ নিৰ্মাণ তাম আৰু পিতলৰ দ্বাৰা কৰা হৈছে বুলি জানিব পৰা গৈছে।এই মূৰ্তিটো ২৮ বছৰৰ পিছত ২০১৮ চনত নিৰ্মাণ সম্পূৰ্ণ হয়।

কথিত অনুসৰি ১৯৭৯ চনত ইণ্ডোনেছিয়াৰ মূৰ্তিকাৰ বাপ্পান নিউমনে হিন্দু প্ৰতীকৰ বিশালকায় মন্দিৰ নিৰ্মাণৰ সপোন দেখিছিল। তাৰ পিছতেই বহু চেষ্টাৰ পিছত ১৯৮০ চনত মূৰ্তি নিৰ্মাণৰ বাবে কোম্পানী বনোৱা হৈছিল।

জানিব পৰা মতে মাজতে বহু বছৰ মূৰ্তি নিৰ্মাণৰ কাম বন্ধ হৈছিল । অৱশেষত ২০১৮ চনত ইয়াৰ কাম সম্পূৰ্ণ হয়।

GTM Desk

Related