ভুলতো নকৰিব এইসমূহ কাম অন্যথা মহাদেৱ ৰুষ্ট হৈ পৰিব আৰু কেতিয়াও ক্ষমা নকৰে

ভুলতো নকৰিব এইসমূহ কাম অন্যথা মহাদেৱ ৰুষ্ট হৈ পৰিব আৰু কেতিয়াও ক্ষমা নকৰে

শাওণ মাহটো মহাদেৱৰ অতি প্ৰিয়।এই গোটেই মাহটোত শিৱভক্তসকলে শিৱ পূজা কৰে।ভগৱান শিৱ যিমান সহজে সন্তষ্ট হয়,সিমান সহজে বিতুষ্ট হৈ পৰে।সেয়হে তেওঁক ভোলানাথ বোলা হয়। ( Religious Studies )

মহাদেৱৰ খঙে জলপ্লাৱনৰ সৃষ্টি কৰিব পাৰে।আৰু ভক্তসকলক সন্তষ্ট কৰিব পাৰে।এনে ব্যক্তিয়ে কিবা অন্যায় কৰিলে-মহাদেৱ ক্ৰোধিত হৈ পৰে।

পুৰাণৰ অনুসৰি কৰ্ম,অভ্যাস আৰু চিন্তাৰে কৰা এইকেইটা পাপ মহাদেৱে কেতিয়াও ক্ষমা নকৰে।যিজন ব্যক্তিয়ে-এই প্ৰকাৰৰ দোষ কৰে-সেইজনে মহাদেৱৰ ক্ৰোধ ভুগিবলগীয়া হয়।এইকেইটা ভুল কেতিয়াও ক্ষমা নকৰে ভোলানাথে। সেই ভুলসমূহ হৈছে-

১)কোনো সহজ-সৰল আৰু নিৰীহ ব্যক্তিক ক্ষতি কৰিলে বা ব্যক্তিজনৰ জীৱনত বাধাৰ সৃষ্টি কৰাৰ পৰিকল্পনা বা চিন্তা কৰিলে মহাদেৱে আপোনাক কোনো ধৰণৰ ক্ষমা নকৰে।

২/পৰ স্ত্ৰী বা স্বামীৰ প্ৰতি বেয়াভাব ৰখা বা তেওঁক লাভ কৰাৰ ইচ্ছা থকাটো পাপ।এনে মানসিকতাই শিৱক বিতুষ্ট কৰি তোলে।

৩/আনৰ ধন-সম্পত্তি আত্মসাৎ কৰা বা নিজৰ কৰাৰ ইচ্ছা কৰাটো-শিৱৰ দৃষ্টিত এক ক্ষমা কৰিব নোঁৱাৰা অপৰাধ। ( Religious Studies )

৪/ভাল কথা পাহৰি-বেয়া কাম বাছি লোৱাসকলৰ কৰ্ম-মহাদেৱে ক্ষমা নকৰে।

৫/কথাৰে কাৰো ক্ষতি নকৰাৰ-বিপৰীতে তেওঁলোকৰ বাবে বেয়া চিন্তা আশ্ৰয় দিয়াটো পাপৰ শ্ৰেণীত অন্তৰ্ভুক্ত।ঠিক যেনেকৈ কথাৰেও-মানুহে পাপ অৰ্জন কৰিব পাৰে।

৬/কাৰোবাৰ বদনাম কৰিবলে মিছা কথা কোৱাটো প্ৰৱঞ্চনা হিচাপে শ্ৰেণীভূক্ত কৰা হয়।এনে কৰিলে ব্যক্তিক মহাদেৱে ক্ষমা কৰিব নোঁৱাৰে।সেই ব্যক্ৰিজন পাপৰ অংশীদাৰ হৈ পৰে।

৭/গৰ্ভৱতী বা ঋতুস্ৰাৱ হোৱা মহিলাক কঠোৰ ভাষাৰে কথা কলে আৰু অন্তৰত আঘাত দিলে-শিৱই ক্ষমা নকৰে।

৮/আকৌ কোনো ব্যক্তিৰ অনুপস্থিতিত সমাজত কাৰোবাৰ ক্ষতি বা বদনাম কৰিবলৈ উৰাবাতৰিৰ প্ৰচাৰ কৰাটো মহাদেৱৰ দৃষ্টিত পাপ আৰু তেওঁ দোষীজনক কোনো ধৰণে ক্ষমা নকৰে। (সংগ্ৰহিত)।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

GTM Desk

Related