ভুলৰ পৰা শিক্ষা লওক, উপযাচি কাকো উপদেশ নিদিব, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো?
ভাৰতীয় মতে, ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : কৰ্মক্ষেত্ৰতই হওক বা পাৰিবাৰিক জীৱন, নিজৰ ভুলৰ পৰা শিক্ষা লওক।
বৃষ : নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো মূল কথা।
মিথুন ৰাশি : চাকৰি সলনিৰ সম্ভাৱনা আছে, ধাৰলৈ দিয়া টকা ঘূৰাই পাব পাৰে।
কৰ্কট ৰাশি : সকলো দিশৰ পৰা দিনটো ভালদৰে পাৰ হ’। সৰ্বত্ৰ আপোনাৰ ব্যক্তিত্বই আনক মুগ্ধ কৰিব।
সিংহ ৰাশি : পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব।
কন্যা ৰাশি : স্বাস্থ্যক লৈ সমস্যাত পৰিব পাৰে, উপযাচি কাকো উপদেশ নিদিব।
তুলা ৰাশি : আৰ্থিক সমস্যাৰ প্ৰতিকাৰ হ’ব, দিনটো পাতল মেজাজেৰে পাৰ হ’ব।
বৃশ্চিক ৰাশি : কৰ্মক্ষেত্ৰত অভিজ্ঞসকলৰ কথা শুনি চলিলে লাভ হ’ব, ক্ষতি নাই।
ধনু ৰাশি : স্বাস্থ্যৰ কাৰণে খিংখিঙিয়া স্বভাৱ থাকিব, কৰ্মক্ষেত্ৰত সমস্যা বাঢ়িব।
মকৰ ৰাশি : প্ৰয়োজন হ’লে নিজৰ কামৰ ধৰণ সলনি কৰিব লাগিব, ইয়াৰ ফলত উপকাৰ হ’ব।
কুম্ভ ৰাশি : কৰ্মক্ষেত্ৰত প্ৰতিবন্ধকতা দূৰ হ’ব। কামৰ প্ৰতি মনোযোগ বাঢ়িব।
মীন ৰাশি : যিকোনো কামত সহকৰ্মীৰ সহযোগ পাব, অকলশৰীয়া অনুভৱ নহ’ব।