মঙলদৈ ব্লক চকত বানপীড়িতৰ পথ অৱৰোধ কাৰ্য্যসূচী।

মঙলদৈ ব্লক চকত বানপীড়িতৰ পথ অৱৰোধ কাৰ্য্যসূচী।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৰিলে প্ৰতিবাদ ।
অৱশ্যে এই প্ৰতিবাদ কোনো খাদ্য বস্তুৰ বাবে নহয় ।
এই প্ৰতিবাদ ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ নামত যি সমূহ নলা নৰ্দমা বন্ধ কৰিছে, সেই সমূহ খুলি দিয়াৰ বাবে কৰা প্ৰতিবাদ ।
প্ৰশাসনৰ অৱহেলাৰ সুযোগ লৈ একাংশ ৰাইজে পুল, নলা আদি বন্ধ কৰি সাজিছে পকী বেৰ, অট্টালিকা।
পুল, নলা আদিৰে পানী পাৰ হব পৰা নাই।
মঙলদৈ ৰাজহ চক্ৰ বিষয়া গৰাকীক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো লোৱা নাছিল কোনো ব্যবস্থা ।
যাৰ ফলত 15 no ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰ দিশৰ ৰাইজ ভোগিছে বানপানীৰ কৱলত।
প্ৰত্যেকৰ ঘৰৰ ভিতৰত একাঠু পানী।
অৱৰোধ স্থলীত আৰক্ষী লোক উপস্থিত।
15 no ৰাষ্ট্ৰীয় ঘাই পথত যাতায়ত সম্পূৰ্ণ ব্যাহত।
অৱশেষত প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত আৰু উপ আৰক্ষী অধীক্ষকে তিনিদিনৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ আশ্বাস দিয়াত ৰাইজে অৱৰোধ উঠাই লয়।

Makshed Ali Report GTM

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.