মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত প্ৰায় স্তব্ধ যাতায়ত ব্যৱস্থা…
স্তব্ধ ৰাজ্যৰ পৰিবহণ ব্যৱস্থা। অসম মটৰ শ্ৰমিক ইউনিয়ন আৰু পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ৰ কৰ্মবিৰতিৰ ফলত স্তৱ্ধ হৈ পৰিছে ৰাজ্যৰ সকলো যাতায়াত সেৱা। অসম আৰু উত্তৰ-পূবত ৪৮ ঘণ্টাৰ বাবে এই কৰ্মবিৰতি ঘোষণা কৰা হৈছে। অৰ্থাৎ দুদিনৰ বাবে স্তব্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা।
আজি পুৱা ৫ বজাৰ পৰা বন্ধ যাত্ৰীবাহী বাছৰ লগতে অ’লা-উবেৰৰ চলাচল। বন্ধ হৈ পৰিছে চিলিণ্ডাৰ, তেল পৰিবাহী বাহনৰ চলাচলো। অৱশ্যে জৰুৰীকালীন সেৱাৰ সকলো যান-বাহনৰ চলাচল অব্যাহত থাকিব। খোলা থাকিব ৰাজ্যৰ পেট্ৰ’ল পাম্পসমূহ।
পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নেও দুদিনৰ বাবে বন্ধৰ আহ্বান জনাইছে। আজি পৰিবহণ বিভাগৰে বৈঠকত বহিব মটৰ শ্ৰমিক ইউনিয়ন। দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব বৈঠক। এই বৈঠক সন্তোষজনক হ’লে কৰ্মবিৰতি উঠাই লোৱাৰ সম্ভাৱনা আছে। কিন্তু যদিয়ে বৈঠক সন্তোষজনক নহয় তেন্তে এই কৰ্মবিৰতি অনিৰ্দিষ্ট কাললৈ চলাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় চৰকাৰৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩ৰ অধীনৰ হিট এণ্ড ৰান গোচৰৰ বিৰোধিতাৰে এই প্ৰতিবাদ চালকৰ। এই নতুন আইনৰ বাতিলৰ দাবী জনাইছে চালকসকলৰ কেইবাটাও সংগঠনে। ইতিমধ্যেই মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, পশ্চিম বংগ, পাঞ্জাৱত চালকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ। দেশৰ ভিন্ন ৰাজ্যৰ নিচিনাকৈ অসমতো আজিৰে পৰা আৰম্ভ কৰিছে কৰ্মবিৰতি।