Advertisement

মণিপুৰৰ দুই ছাত্ৰৰ মৃত্যুত শোক প্ৰকাশ সাংসদ গৌৰৱ গগৈৰ

মণিপুৰৰ দুই ছাত্ৰৰ মৃত্যুত শোক প্ৰকাশ সাংসদ গৌৰৱ গগৈৰ

মণিপুৰৰ দুই ছাত্ৰৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। বুধবাৰে সাংসদগৰাকীয়ে দিল্লীত সংবাদমেল সম্বোধন কৰি দুই ছাত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ কয় যে, অনতি পলমে চৰকাৰে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

লগতে তেওঁ কয়- “শিক্ষাৰ্থীসকল ৰাজপথলৈ আহিছে,প্ৰতিবাদ কৰিছে। কংগ্ৰেছ দলে মণিপুৰৰ শিক্ষাৰ্থীসকলৰ বেদনা আৰু উত্তেজনা বুজি পাইছে আৰু আমি তেওঁলোকৰ সৈতে আছো।” বুলি সংবাদমেলত মন্তব্য কৰে।

উল্লেখ্য যে,সুদীৰ্ঘ ৪ মাহৰ অন্তত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছিল। ইয়াৰ পিছতে পোহৰলৈ আহিছিল দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ছবি। বিগত জুলাই মাহতে নিখোঁজ হৈছিল এই দুই শিক্ষাৰ্থী। মেইটেই সম্প্ৰদায়ৰ দুই ছাত্ৰক বিদ্ৰোহীয়ে হত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই

Shahnawaz Hamza

Related