মণিপুৰ চৰকাৰক কৰা সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত সহযোগী দলৰ…

মণিপুৰ চৰকাৰক কৰা সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত সহযোগী দলৰ…

বিগত প্ৰায় ৩ মাহ ধৰি মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ অব্যাহত আছে। ইয়াৰ মাজতে মণিপুৰৰ ৰাজনীতিত এক ডাঙৰ পৰিবৰ্তন ঘটনাৰ সম্ভাৱণা আছে। অকলশৰীয়া হোৱাৰ দিশে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং।

মণিপুৰৰ এন বীৰেন সিং চৰকাৰৰ সহযোগী দলে ৰাজ্য চৰকাৰক সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। দুগৰাকী বিধায়ক থকা কুকি পিপলছ এলায়েন্সে ৰাজ্যপাল অনুচুয়া উইকেলৈ লিখা এখন পত্ৰত সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে ইয়াৰ ফলত চৰকাৰত কোনো প্ৰভাৱ নপৰে।

চাইকুলৰ পৰা হাওকিপ হাংছিং আৰু সিংঘাটৰ চিনলুনথাং হৈছে ৬০ জনীয়া বিধানসভাৰ ২ জন কেপিএ বিধায়ক। ইয়াৰোপৰি ৩২ গৰাকী বিজেপি বিধায়ক থকা বিধানসভাত ৫জন নাগা পিপলছ ফ্ৰণ্টৰ বিধায়ক আৰু ৩ জন নিৰ্দলীয়ৰ সমৰ্থন আছে।

কেপিএৰ মুৰব্বী টংমাং হাওকিপে ৰাজ্যপাললৈ লিখা এখন পত্ৰত কয় যে বৰ্তমানৰ সংঘৰ্ষৰ বিষয়ে সতৰ্কতাৰে বিবেচনা কৰাৰ পিছত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত থকা মণিপুৰৰ বৰ্তমানৰ চৰকাৰক তেওঁৰ দলে আৰু সমৰ্থন নকৰে

উল্লেখ্য যে, বিগত মাহবোৰত বহু নৃশংস ঘটনাৰ সাক্ষী হৈছে মণিপুৰ। কিন্তু এতিয়ালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে। শনিবাৰেও মণিপুৰত প্ৰায় ৬ জন লোকৰ মৃত্যু হয়।

ইয়াৰ মাজতে কালি নিশা কেন্দ্ৰই ইম্ফললৈ ৯০০ নিৰাপত্তা কৰ্মী প্ৰেৰণ কৰিছে। গৃহ মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে ৩ মে’ত সংঘৰ্ষ আৰম্ভ হোৱাৰ পৰা ৰাজ্যখনত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ ৪০,০০০ তকৈও অধিক কৰ্মী মোতায়েন কৰিছে।

GTM Desk