মহাদেৱক প্ৰসন্ন কৰিবলৈ‌ ঘৰলৈ এতিয়াই আনক এইসমূহ বস্তু….

1 min read

মহাদেৱৰ ভক্ত সকলৰ বাবে শাওণৰ মাহটো মহত্বপূৰ্ণ গণ্য কৰা হয়।চাৰিওফালে-ভগৱান শিৱৰ কৃপা পাবৰ বাবে-পূজা-পাঠ,ব্ৰত,সাধনা, আদি কৰা হয়।মান্যতা অনুসাৰে শাওণৰ পবিত্ৰ মাহত ভক্তসকলৰ মনোকামনা মহাদেৱে শীঘ্ৰে শুনে। বাস্তু শাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা কোৱা হৈছে-যি শাওণ মাহত ঘৰলৈ আনিলে মহাদেৱৰ কৃপাৰ প্ৰাপ্ত হয়। ( Religious Studies )

*এই বস্তুসমূহ হৈছে-

*ত্ৰিশূল/

ত্ৰিশূলক তিনিও দেৱ আৰু তিনিও লোকৰ প্ৰতীক মনা হয়।ত্ৰিশূল ঘৰত থাকিলে আপদ-বিপদলৈ ভয় নাথাকে।তামৰ বা ৰূপৰ ত্ৰিশূল ঘৰত ৰখাটো শুভ মনা হয়।মহাদেৱৰ ত্ৰিশূলৰ শক্তিয়ে ঘৰৰ আৰু পৰিয়ালৰ ৰক্ষা কৰে।

*ৰুদ্ৰাক্ষ-

ৰুদ্ৰাক্ষ স্বয়ং ভগৱান শিৱৰ-পৰ্যায় মনা হয়।ৰুদ্ৰাক্ষ শাওণৰ শুভ মুহুত্বত ঘৰলে আনিলে-ব্যক্তিৰ উন্নতিৰ বাট মুকলি হয়।লগতে শাওণ মাহত ৰুদ্ৰাক্ষৰ মালা ধাৰণ কৰিলে-সমস্ত ৰোগ নাশ হয়।ঘৰত ৰুদ্ৰাক্ষ ৰাখিলে সকাৰত্মকতা আহে।

*ভষ্ম-

কোৱা হয়-মহাদেৱৰ ভষ্ম-ঘৰত ৰাখিলে-ঘৰলৈ কেতিয়াও দৰিদ্ৰতা নাহে।শাওণ মাহৰ কোনো এটা সোমবাৰে-শিৱ মন্দিৰৰ পৰা ভষ্ম ঘৰলৈ আনি ৰূপৰ টেমাত ভৰাই থব লাগে।সম্পূৰ্ণ শাওণৰ মাহত-ভগৱান শিৱৰ পূজাত সেই ভষ্ম ব্যৱহাৰ কৰিব লাগে।তাৰপাছত সেই ভষ্মক ধন ৰখা ঠাইত ৰাখিব লাগে।এনে কৰিলে উন্নতি বৃদ্ধি হয়। ( Religious Studies )

*ডম্বৰু-

ভোলানাথৰ লগত সদায়ে থকা ডম্বৰু ঘৰত থাকিলে-কেতিয়াও অমংগল নহয়।ডম্বৰুৰ ধ্বনিত ইমান শক্তি আছে যে-যিয়ে ঘৰৰ বাতাবৰণক চিন্তাৰ পৰা মুক্ত কৰি দিয়ে।শাওণ মাহত-মহাদেৱৰ শ্ৰুতি সদায়ে ঘৰত ডম্বৰু বজাই কৰিলে-মহাদেৱ প্ৰসন্ন হয়।

*গংগাজল-

শাওণ মাহত কাৱাৰ যাত্ৰা আৰম্ভ হয়।মহাদেৱক প্ৰসন্ন কৰিবলৈ-ভক্তসকলে দীঘলীয়া কৰি-কঠিন নিয়মক পালন কৰি-নদীৰপৰা গংগাজল আনে-আৰু শিৱলিংগত অৰ্পণ কৰে।কোৱা হয়-এই কায্যৰ দ্বাৰা মহাদেৱ অত্যন্ত প্ৰসন্ন হয়-আৰু ভক্তসকলৰ প্ৰতিটো কামনা পূৰ্ণ কৰে।এই সময়তে যদি-শাওণৰ প্ৰথম দিনত বা কোনো এটা সোমবাৰে-গংগাজল ঘৰলে আনি পাকঘৰত ৰাখে।তেতিয়া ঘৰখনৰ সুখ-সমৃদ্ধি,আৰু ধন-ধ্যানৰ কেতিয়াও কম নহয়।

*ৰূপৰ কড়া-

ধৰ্ম গ্ৰন্থ অনুসাৰে ভগৱান ভোলানাথে ভৰিত ৰূপৰ কড়া ধাৰণ কৰিছিল।শাওণৰ মাহত ৰূপৰ কড়া ক্ৰয় কৰাটো শুভ মনা হয়।যিয়ে-ৰূপৰ খাৰু পিন্ধাৰ ইচ্ছুক-সেই ব্যক্তিয়ে শাওণ মাহৰ এই শুভ ক্ষণত ধাৰণ কৰিব লাগে।

You May Also Like

More From Author