মহাদেৱ বেটিং এপ গোচৰত জড়িত থকাৰ অভিযোগত জনপ্ৰিয় অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ

মহাদেৱ বেটিং এপ গোচৰত জড়িত থকাৰ অভিযোগত জনপ্ৰিয় অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ

মহাদেৱ বেটিং এপ গোচৰত জড়িত থকাৰ অভিযোগত অভিনেতা তথা ছ’চিয়েল মিডিয়া ইনফুলেঞ্জা চাহিল খানক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পূৰ্বে জামিনৰ বাবে কৰা আবেদন বোম্বাই উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল। পিছতে ছত্তীশগড়ৰ পৰা মুম্বাই চাইবাৰ চেলৰ বিশেষ তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰে অভিনেতাগৰাকী।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ডিচেম্বৰ মাহত ছাহিলৰ লগতে আন তিনিজনক সোধা-পোছাৰ বাবে SITএ মাতিছিল যদিও তেওঁ উপস্থিত নহ’ল। তেওঁ দাবী কৰিছিল যে তেওঁ কেৱল এজন ব্ৰেণ্ড প্ৰমোটাৰহে মেছাৰ্ছৰ সৈতে হোৱা চুক্তিৰ অধীনত। Isports247, দ্য লায়ন বুক ব্ৰেণ্ডৰ প্ৰচাৰ, আৰু বেটিং প্লেটফৰ্মৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক অস্বীকাৰ কৰে অভিনেতাগৰাকীয়ে। আৰক্ষীৰ মতে, তেওঁ লোটাছ এপ ২৪৭ৰ অংশীদাৰ আছিল আৰু আজি বিয়লি তেওঁক আদালতত হাজিৰ কৰা হ’ব অভিনেতাগৰাকীক।
চাহিলে প্ৰকাশ কৰিছে যে তেওঁৰ চুক্তি ২৪ মাহৰ বাবে, তেওঁৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰমূলক ভিডিঅ’ পোষ্ট কৰাৰ বাবে মাহিলী ৩ লাখ টকা দিব লাগিব। ইয়াৰ পিছতো আদালতে তেওঁৰ জামিন আবেদন খাৰিজ কৰি এই অবৈধ অভিযানত প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথা উল্লেখ কৰে।

২০২৩ চনত খবৰ আহিছিল যে মহাদেৱ বেটিং এপ গোচৰৰ তদন্ত চলাই ক্ৰাইম শাখাই ১৫ ডিচেম্বৰত চাহিল খান আৰু আন তিনিজনক তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ মাতিছিল। কিন্তু চাহিল খানে তদন্তৰ বাবে আৰক্ষীৰ সন্মুখত হাজিৰ নকৰি তদন্তৰ কথা আগবাঢ়িছিল সেই সময়ছোৱাত ছ’চিয়েল মিডিয়াত জড়িত হ’বলৈ। আনকি তেওঁ পুলত বহি থকা এখন ছবিও পোষ্ট কৰিছিল, য’ত লিখা আছিল, “গুড মৰ্নিং, জুম্মা মুবাৰক।” এই কথাই দৃষ্টি আকৰ্ষণ কৰিছে আৰু সমালোচনা কৰিছে কাৰণ তেওঁ আৰক্ষীৰ চমনক আওকাণ কৰা যেন লাগিছে।

GTM Desk

Related