Advertisement

মহৌষধ তেজপাত! ছালৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যতালৈ… এখিলা তেজপাতে সলনি কৰিব আপোনাৰ জীৱন!

মহৌষধ তেজপাত! ছালৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যতালৈ… এখিলা তেজপাতে সলনি কৰিব আপোনাৰ জীৱন!

আমাৰ আশে-পাশে এনে বহু পাত, ফুল আদি আছে যিবিলাক আমাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী। এনে এটা পাত হ’ল তেজপাত। ইয়াত এণ্টি অক্সিডেন্ট, কপাৰ, কেলচিয়াম আৰু আইৰণ আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰৰ বিভিন্ন সমস্যা ৰোধ কৰাত সহায় কৰে।

জনপ্ৰিয় বিশেষজ্ঞ প্ৰিয়ংকা জয়ছোৱালে কয় যে তেজপাতৰ চাহ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। তেজপাতৰ চাহ খালে মানসিক চাপ কমোৱাত বহু পৰিমাণে সহায়ক হয়। ইয়াত লিনালুল নামৰ এক যৌগ থাকে, যিয়ে মানসিক চাপ কমাই।

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যা থাকিলে দৈনিক তেজপাত দিয়া চাহ সেৱন কৰিব লাগে। ইয়াক সেৱন কৰিলে পেটৰ লগত জড়িত ৰোগৰ পৰা উপশম পোৱা যায়। ইয়াৰ উপৰিও এচিডিটি আৰু বিষৰ দৰে সমস্যাৰ পৰাও উপশম পায়।

তেজপাত দিয়া চাহে ছালৰ দাগ ৰোধ কৰিব পাৰে। এই পাতবোৰে ছালৰ কঠিনতা ৰোধ কৰে।

বহু গৱেষণাৰ পৰা দেখা গৈছে যে তেজপাতত কৰ্কট কোষক আঁতৰোৱাৰ ক্ষমতা আছে। ইয়াত ফাইটো নিউট্ৰিয়েণ্ট আৰু কেটেচিন থাকে, যিয়ে মানুহৰ শৰীৰৰ পৰা কেন্সাৰ কোষক নিৰ্মূল কৰে। গতিকে দৈনিক একাপ হ’লেও তেজপাত দিয়া চাহ খোৱাতো জৰুৰী।

Shahnawaz Hamza

Related