মাঘ বিহুৰ প্ৰাকক্ষণত দেশত বাৰ্ড ফ্লুৰ সংহাৰী ৰূপ, ৰাজ্য চৰকাৰৰ বিশেষ নিষেধাজ্ঞা

1 min read

উৰুকালৈ মাজত মাত্ৰ 1দিন থকাৰ সময়তে বাৰ্ড-ফ্লুৰ আশংকাত ৰাজ্যৰ পশুপালন বিভাগে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশ। এই নিৰ্দেশনা অনুসৰি, অসমলৈ বহিঃৰাজ্যৰ পৰা মাংস আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়খিনিত যাতে দুষ্ট চক্ৰই সুযোগ বুজি মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰপ্ৰতিও দৃষ্টি ৰাখিব বুলি কৈছে পশুপালন বিভাগে।

দেশৰ ৬ খন ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বাৰ্ড ফ্লুৱে।কেৰেলা, ৰাজস্থান আৰু মধ্য প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু ৰাজস্থানত বাৰ্ড ফ্লুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে।

বাৰ্ড ফ্লুক লৈ দিল্লী চৰকাৰে গ্ৰহণ কৰিছে কিছু সিদ্ধান্ত। দিল্লীৰ ১০৪ টা তেজৰ নমুনা ইতিমধ্যে পৰীক্ষাৰ বাবে । ইয়াৰ লগতে দিল্লী চৰকাৰে ১০ দিনৰ বাবে গাজীপুৰত মুৰ্গীৰ মাংস বিক্ৰী বন্ধ কৰিছে। দিল্লীত ১০০ৰো অধিক পক্ষীৰ মৃত্যু হৈছে বাৰ্ড ফ্লুত।

ইফালে ইণ্ডোৰতো ৭ দিনৰ বাবে মুৰ্গীৰ মাংস বিক্ৰী বন্ধ ৰখা হৈছে। মধ্য প্ৰদেশৰ ইণ্ডোৰত ইতিমধ্যে ২৫০ টা পক্ষীৰ মৃত্যু ঘটিছে। উল্লেখ্য যে হাৰিয়ানা ৪ লাখ মুৰ্গীৰ মৃত্যুৰ পিছত এই বাৰ্ড ফ্লুৰ প্ৰসংগ পোহৰলৈ আহিছিল।

You May Also Like

More From Author