মাজুলীত নিষিদ্ধ জুবিন গাৰ্গ! সত্ৰাধিকাৰক অসন্মান কৰি শ্ৰীকৃষ্ণক তুচ্ছ-তাচ্ছিল্য কৰি ৰোষত পৰিল মাজুলীবাসীৰ

মাজুলীত নিষিদ্ধ জুবিন গাৰ্গ! সত্ৰাধিকাৰক অসন্মান কৰি শ্ৰীকৃষ্ণক তুচ্ছ-তাচ্ছিল্য কৰি ৰোষত পৰিল মাজুলীবাসীৰ

মাজুলীত নিষিদ্ধ কৰা হৈছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক। এই সন্দৰ্ভত আজি মাজুলী জিলা সত্ৰ মহাসভাই গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মাজুলীৰ‌ যিকোনো অনুষ্ঠানত জুবিন গাৰ্গৰ অংশগ্ৰহণ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ মাজুলী জিলা সত্ৰ মহাসভাৰ। মাজুলী জিলা সত্ৰ মহাসভাৰ সভাপতি নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল এই সভা। মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সংস্কৃত টোলত বৃহস্পতিবাৰে দিনৰ ২ বজাত অনষ্ঠিত হৈছিল মাজুলী সত্ৰ মহাসভাৰ এই গুৰুত্বপূৰ্ণ সভা। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। জুবিন গাৰ্গক মাজুলীৰ যিকোনো অনুষ্ঠানত নিমন্ত্রণ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু বিষয়টি মুখ্যমন্ত্ৰীক অৱগত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে সভাই।

দ্বিতীয়তে, মাজুলী সত্ৰাধিকাৰসকলেও যিকোনো সভা সমিটিলৈ যোৱাৰ ক্ষেত্ৰত ধৰ্মীয় মাৰ্গৰ ভিতৰত থাকিহে যোৱাটো উচিত বুলি প্ৰস্তাৱ আগবঢ়ায়। চতুৰ্থতে, মাজুলীৰ গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে জুবিন গাৰ্গলৈ আগবঢ়োৱা বঁটাটি উদযাপন সমিতিয়ে পুনৰ ঘূৰাই লোৱাৰ আহ্বান জনায়।

উল্লেখযোগ্য যে, সোমবাৰে মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত পূৱেৰুণ কলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ‌ সামৰণি অনুষ্ঠানত উদযাপন সমিতিয়ে অসম গৌৰৱ বিশিষ্ট শিল্পী জুবিন গাৰ্গক ‘সংগীত সিন্ধু’ উপাধি প্ৰদান কৰিছিল। উদ্যোক্তাসকলৰ আশাসুধীয়া প্ৰচেষ্টা আৰু আন্তৰিকতাৰে প্ৰদান কৰা এই উপাধি গ্ৰহণ কৰাৰ পাছতে জুবিন গাৰ্গে মাজুলীৰ সত্ৰাধিকাৰক ‘প্ৰভূ ঈশ্বৰ’ সম্বোধন কৰা কথাত আপত্তি দৰ্শোৱাৰ লগতে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ গোস্বামীৰ হাতৰ পৰা এই উপাধি গ্ৰহণ কৰাৰ পাছতে সত্ৰাধিকাৰসকলক শিষ্যসকলে কৰা সম্বোধন সম্পৰ্কত জুবিন গাৰ্গে কৰিছিল বিতৰ্কিত মন্তব্য।

পৰৱৰ্তী সময়ত জুবিনৰ আপত্তিজনক মন্তব্যৰ বিপৰীতে সংগীতানুষ্ঠান চলি থকা মঞ্চতেই উদ্যোক্তাই মাজুলীবাসীৰ চিৰনমস্য ধৰ্মাধিকাৰসকলক লৈ কৰা জুবিনৰ আপত্তিজনক মন্তব্য উঠাই লোৱাৰ আহ্বান জনোৱাত জুবিন গাৰ্গে ক্ষমা খোজে যদিও মাজুলীত জুবিন গাৰ্গৰ দৰে এগৰাকী খ্যাতনামা শিল্পীৰ সুমধুৰ কণ্ঠেৰে হাজাৰ হাজাৰ শ্ৰোতা দৰ্শকৰ মন মুগ্ধ কৰিলে যদিও জুবিনৰ উদ্ভত আচৰণক একেমুখেই ৰাইজে বিৰোধিতা কৰিছে।

Shahnawaz Hamza

Related