মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অসমৰ চলচ্চিত্ৰ উদ্যোগৰ কলা-কুশলীসকলৰ উপস্থিতিত চলচ্চিত্ৰ সমাজৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰে।

1 min read

মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অসমৰ চলচ্চিত্ৰ উদ্যোগৰ কলা-কুশলীসকলৰ উপস্থিতিত চলচ্চিত্ৰ সমাজৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীৰ উদ্যোগত অসম চৰকাৰে শেহতীয়াকৈ এক শক্তিশালী নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতি গ্ৰহণ কৰাৰ বাবে চলচ্চিত্ৰ সমাজে মুখ্যমন্ত্ৰীক বিশেষ সম্বৰ্ধনা জনায়।

নতুন চলচ্চিত্ৰ নীতিৰদ্বাৰা অসমৰ ঐতিহ্যমণ্ডিত ছবি উদ্যোগটোক সুদৃঢ় কৰাৰ বাবে আমি ব্যৱস্থা হাতত লৈছোঁ। সমাজক ইতিবাচক ধ্যান-ধাৰণা প্ৰদানৰ ক্ষেত্ৰত চলচ্চিত্ৰই এক শক্তিশালী ভূমিকা পালন কৰি আহিছে। নতুন চলচ্চিত্ৰ নীতিয়ে আমাৰ ছবি উদ্যোগটোক নতুন গতি দিয়াৰ লগতে কলা-কুশলীসকলক উৎসাহিত কৰিব বুলি মই বিশ্বাস ৰাখিছোঁ : মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

অসমীয়া আৰু জনগোষ্ঠীয় ভাষাৰ চলচ্চিত্ৰক আগুৱাই নিয়াৰ লক্ষ্যৰে ২০৩০ চনৰ ভিতৰত এক শক্তিশালী ভিছন প্ৰস্তুত কৰিবলৈ চলচ্চিত্ৰ সমাজক আহ্বান জনাইছোঁ। উপযুক্ত ৰ’ডমেপে উদ্যোগটোৰ প্ৰসাৰৰ ক্ষেত্ৰত বাজেটত প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে চৰকাৰক সহায় কৰিব : মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে।

তদুপৰি, দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ গঢ়ি উঠা সুসম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ চলচ্চিত্ৰ নিৰ্মাতা, বিতৰক, প্ৰযোজকে প্ৰায় ৮০ কোটি উপভোক্তাৰ এই বৃহৎ বজাৰ অভিমুখে আগুৱাই যোৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

You May Also Like

More From Author