মুকলি আকাশৰ তললৈ শৃংখল চলিহা

মুকলি আকাশৰ তললৈ শৃংখল চলিহা

অৱশেষত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা। বীৰ লাচিত সেনাৰ প্রশাসনিক সচিব শৃংখল চলিহাক সোমবাৰে নিশা আৰক্ষীয়ে তেওঁৰ বাসগৃহত থৈ আহে।

উল্লেখ্য যে, প্ৰায় ডেৰমাহ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ প্রশাসনিক সচিবগৰাকী। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত বন্দী হৈছিল শৃংখল চলিহা।

মুকলি আকাশৰ তললৈ অহাৰ পিচতেই নিশা চলিহাৰ বাসগৃহত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ। জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে জানিবলৈ দিয়া মতে, নেতাগৰাকীৰ অশোভনীয় কাৰ্য-কলাপৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

তেওঁ লগতে উল্লেখ কৰে যে, শৃংখল চলিহাই একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান তথা ব্যৱসায়ীসকলক অসমৰ পৰা ঘৰ-বাৰী এৰি যোৱাৰ ভাবুকি, বিভিন্ন অনুষ্ঠান উপলক্ষে দাবী কৰি অহা ধন,ভয়-ভাবুকিৰ উপৰিও সমাজত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ অপৰাধত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত চলিহাক জেললৈ প্ৰেৰণ কৰিছিল।

GTM Desk

Related