‘মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰাই হ’ব, তৰুণ গগৈ হ’ব সকলোৰে মুৰব্বী’- ক’লে বদৰুদ্দিন আজমলে

1 min read

বহু জল্পনা-কল্পনা অন্ত পেলাই অৱশেষত চূড়ান্ত হ’ল কংগ্ৰেছ- AIUDFৰ প্ৰাক নিৰ্বাচনী মিত্ৰতা। শনিবাৰৰ পৰা দিছপুৰৰ বিধায়ক আৱাসত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে AIUDFৰ ক’ৰ কমিটীৰ বৈঠক ৷ গুৰুত্বপূৰ্ণ এই ক’ৰ কমিটীৰ বৈঠকতে কংগ্ৰেছ আৰু অন্যান্য সমভাৱাপন্ন দলৰ সৈতে মহাজোঁট বন্ধনৰ ক্ষেত্ৰত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে মোহৰ মৰাৰ পিছত দেওবাৰে সাংসদ বদৰুদ্দিন আজমলে আন এক তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে। ৷ আজমলে ক’লে- ‘মহাজোঁট বন্ধনত কংগ্ৰেছৰ পৰাই মুখ্যমন্ত্ৰীৰ প্ৰৰ্থী জন হ’ব ৷’

মহাজোঁট বন্ধনৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পদক্ষেপক শলাগ লৈ আজমলে ক’লে- ‘তৰুণ গগৈ চিকিৎসালয়ৰ পৰা আহিলেই নতুন গতিত আগবাঢ়িব মিত্ৰতা ৷ গগৈ সকলোৰে মুৰব্বী হ’ব।’

ইফালে বিধায়ক আমিনুল ইছলামে CAA বিৰোধী সকলো সমভাৱাপন্ন দলৰ সৈতে কংগ্ৰেছ আৰু AIUDF দল মিত্ৰতা কৰিবলৈ সাজু বুলি দেওবাৰে জানিবলৈ দিয়ে।

Source: News 18 Assam

You May Also Like

More From Author