মৃত্যুৰ পিছত কাৰ হাতত আছিল অনুষ্কাৰ ম’বাইল? প্ৰেমিক ৰাহুলেই কৰিছিল নেকি সেই কাম? উত্তৰ লাগে আৰক্ষীক

মৃত্যুৰ পিছত কাৰ হাতত আছিল অনুষ্কাৰ ম’বাইল? প্ৰেমিক ৰাহুলেই কৰিছিল নেকি সেই কাম? উত্তৰ লাগে আৰক্ষীক

গুৱাহাটীৰ হেঙেৰাবাৰী অনুষ্কা শইকীয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য। আজি দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে অনুষ্কাৰ প্ৰেমিক ৰাহুলক। ৰাহুলৰ ওপৰত সন্দেহ উপজিছে আৰক্ষীৰ। কাৰণ মৃত্যুৰ পূৰ্বে অনুষ্কাই ছচিয়েল মিডিয়াত দিয়া ষ্টেটাছ পিছত ডিলিট হৈছিল। কোনে ডিলিট কৰিছিল অনুষ্কাৰ ষ্টেটাছ? কাৰ হাতত আছিল অনুষ্কা ম’বাইল? সেই সন্দৰ্ভতে প্ৰেমিক ৰাহুলৰ ওপৰত সন্দেহ আৰক্ষীৰ। আজি ১২ বজাত দিছপুৰ আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল ৰাহুলক। আৰক্ষীক লাগে ৰাহুলৰ ভাষ্য।

আনহাতে, অনুষ্কাই ভাড়াতীয়া হিচাপে থকা ঘৰটোৰ বনকৰা মহিলা জুনু বৰাকো পুৱা থানালৈ মাতিছিল আৰক্ষীয়ে। সেই অনুসৰি পুৱাই থানাত হাজিৰ হয় জুনু বৰা।

উল্লেখযোগ্য যে হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়াঘৰত ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। যুৱতীগৰাকীয়ে বিউটিচিয়ান হিচাপে ABCৰ চি গ্লেম নামৰ পাৰ্লাৰত কৰ্মৰত আছিল। ইতিমধ্যে অনুষ্কাৰ মৃত্যু সন্দৰ্ভত বনকৰা মহিলা জুনু বৰা আৰু অনুষ্কাই বাস কৰা ভাড়াঘৰৰ গৰাকী ৰমেশ ভৰালীক আৰক্ষীয়ে জেৰা কৰিছে। প্ৰায় এক বছৰ ধৰি গুৱাহাটীত থকা যুৱতীগৰাকীক বনকৰা মহিলা আৰু ঘৰৰ মালিকে হত্যা কৰা বুলি মৃতকৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।

GTM Desk

Related