মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ?

মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ?

মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

মধ্যপ্ৰদেশৰ ইন্দোৰৰ যুৱক ৰজা ৰঘুবংশীৰ ক্ষতবিক্ষত দেহ উদ্ধাৰ হলেও এতিয়াও সন্ধান লাভ কৰিব পৰা হোৱা নাই পত্নী সোনমৰা আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি বিগত ২৩ মেৰ দুপৰীয়া ১ বজাত আত্মীয়ৰ সৈতে শেষ কৰা হৈছিল সোনমৰা মেঘালয় ফুৰিবলৈ গৈ যি স্কুটি ৰাজা আৰু সোনমে ভাড়া কৰিছিল তাত থকা জি পি এছে কৈছে দুপৰীয়া ২ বজাত স্কুটিৰ গতি বন্ধ হৈছিল। অৰ্থাৎ স্কুটি ৰৈ গৈছিল। তাৰপাছতেই সেই নৱদম্পতিৰ সৈতে আৰু কোনো যোগাযোগ কৰিব পৰা হোৱা নাই।

তদন্তকাৰীসকলৰ অনুমান যে দুপৰীয়া ২ বজাৰ পৰা ২.৩০ মিনিটৰ ভিতৰতেই দুষ্কতিকাৰীয়ে আক্রমণ চলাইছে। লুটপাটত বাধা দিয়াৰ বাবেই ৰাজাক হত্যা কৰা হৈছে। আৰু সোনমক অপহৰণ কৰি লৈ যোৱা হৈছো যৰ পৰা দম্পতি নিখোঁজ হৈছে সেই স্থানৰ পৰা কেই কিঃমিঃ দূৰৈত আছে বাংলাদেশ সীমান্ত। আশংকা কৰা হৈছে দুষ্কৃতীকাৰীয়ে সোনমক অপহৰণ কৰি বাংলাদেশলৈ লৈ যাব পাৰে। যদিও ইয়াৰ কোনো তথ্যপ্রমাণ এতিয়াও আৰক্ষীৰ হাতত পৰা নাই। সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যে বাংলাদেশ আৰক্ষীৰ সৈতেও যোগাযোগ কৰিছে মেঘালয় আৰক্ষীয়ে। সোনম আৰু ৰাজাৰ পৰিয়ালে এই নিখোঁজ ৰহস্যৰ নেপথ্যত মানৱ সৰবৰাহ চক্ৰৰ হাত থকা বুলি সন্দেহ কৰিছে।

সোনমৰ পৰিয়ালে নানান ধৰণৰ প্ৰযুক্তিৰ সাহায্যও লৈছে। ইয়াৰোপৰি মেঘালয়ৰ ছহৰাৰ যি স্থানৰ পৰা ৰাজাৰ দেহ উদ্ধাৰ কৰা হৈছে সেই স্থানৰ আশেপাশে ৫০ কিঃমিঃ দূৰত্বলৈকে তালাচি অভিযান চলাইছে আৰক্ষীয়ে। বিগত মাহত ডাবল ডেকাৰ ব্রীজলৈ অহা প্রত্যেকখন বাহনৰ তথ্যও পৰীক্ষা কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰৰ খবৰ, ইন্দোৰৰ সেই দম্পতিয়ে ছহৰাৰ এক হোটেলত আছিল। তাৰপাছতেই চেৰাপুঞ্জীৰ মৌলকায়া গাওঁলৈ যায়। তাৰপাছতেই তেওঁলোকক আৰু কোনোৱে বিচাৰি পোৱা নাই। ২৪ মেত তেওঁলোকে স্কুটি ভাড়া কৰিছিল সোহৰাৰিমত। তাৰপাছত বিগত ২ জুনত দেহ উদ্ধাৰ হৈছে। দেহৰ কাষৰ পৰা এটা ফোন আৰু এখন ধৰাল অস্ত্রও উদ্ধাৰ হৈছে। এটা ৰেইনকোটো উদ্ধাৰ হৈছে বুলি জনাইছে পূৱ খাঁচি হিলছৰ আৰক্ষী ছুপাৰিন্টেন্ডেন্ট বিবেক চিমে। সেই ৰেইনকোটত আছে বিশেষ দাগা সেয়া তেজৰ দাগ নে আন কিবা সেয়া স্পষ্ট হোৱা নাই।

ফৰেন্সিক পৰীক্ষাৰ বাবে সেই ৰেইনকোট পঠিওৱা হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বিগত ১১ মেত ৰাজা আৰু সোনমৰ বিয়া হৈছিলা ২০ মেত তেওঁলোকে ইন্দোৰৰ পৰা শ্বিলংলৈ মধুচন্দ্রিমালৈ যায়। ২৩ মেত তেওঁলোকৰ শেষবাৰ দেখা হৈছিলা ২ জুনত ৰাজাৰ দেহ উদ্ধাৰ হয় ছহৰাতা কিন্তু এতিয়াও পত্নী সোনমৰ কোনো সন্ধান লাভকৰা হোৱা নাই। তাৰমাজতেই এতিয়া মানৱ সৰবৰাহৰ দিশটোও বহুতে উত্থাপন কৰিছে। সোনমক তেন্তে অপহৰণেই কৰা হৈছে নেকি? সেই উত্তৰো বিচাৰি সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

GTM Desk

Related