মৰম-ভালপোৱা-প্ৰেম শাস্তিযোগ্য অপৰাধ নহয় আৰু হ’বও নালাগে: জুবিন গাৰ্গ

মৰম-ভালপোৱা-প্ৰেম শাস্তিযোগ্য অপৰাধ নহয় আৰু হ’বও নালাগে: জুবিন গাৰ্গ

মিলি প্ৰভা চুতীয়াক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। সামাজিক মাধ্যম জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুবিন গাৰ্গে। আজি সামাজিক মাধ্যম জুবিন গাৰ্গে লিখিলে ‘‘মই জানো ইউনিফৰ্মৰ লগত নীতি-নিয়ম জড়িত হৈ থাকে। কিন্তু,  মৰম-ভালপোৱা-প্ৰেম শাস্তিযোগ্য অপৰাধ নহয় আৰু হ’বও নালাগে।’’

বুধবাৰে Mediaক সাক্ষাৎকাৰত মিলি প্ৰভা চুতীয়াই কয়, ‘‘প্ৰিয় শিল্পীগৰাকীক কাষত পাই মই আৱেগিক হৈ পৰিছিলো৷ মই যে ইউনিফৰ্মত আছিলো কিছু সময়ৰ বাবে পাহৰি গৈছিলো। জুবিন দাৰ কাৰণে মই অকল চাকৰিয়ে নহয়, জীৱনো দিব পাৰিম৷’’

‘‘জুবিন দাক সাবটি ধৰা, সেৱা কৰা ভিডিঅ’খিনি মাথোঁ একাংশ সংবাদ মাধ্যমে বজাইছে, কিন্তু মোৰ বাবে জুবিনক গান এটা গাব কৈছিলো আৰু সেইদিনা জুবিন গাৰ্গে মোৰ কাৰণে এটা গান গাইছিলে, বাকীখিনি কিয় নেদেখুৱালে?’’ – ক’লে মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে।

প্ৰকৃততে কি হৈছিল সিদিনা?

চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ ২০২৪ত এটাৰ পিছত আন এটা জনপ্ৰিয় গীতি পৰিৱেশন কৰি আছিল জুবিন গাৰ্গে। তেতিয়া হঠাৎ মঞ্চলৈ উঠি গৈছিল এগৰাকী খাকী পোচাকধাৰী মহিলা। প্ৰথমে মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে সাবতি ধৰিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক, তাৰ পিছত গীত পৰিৱেশন কৰি থাকোতে জুবিন গাৰ্গক মঞ্চতে আৰক্ষীৰ পোচাকত কৰিলে সেৱা। তাৰ পিছেত বিদ্যুৎ গতিত সামাজিক মাধ্যমত বিয়পি পৰিল ভিডিঅ’। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গৃহৰক্ষী জোৱানগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে ৰাজ্যৰ গৃহ বিভাগে।

Shahnawaz Hamza

Related