যোৰহাটত নৱমী নিশাৰ ছুৰীকাঘাতৰ ঘটনাঃ ৩ জনক গ্ৰেপ্তাৰ, মূল অভিযুক্তৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত

যোৰহাটত নৱমী নিশাৰ ছুৰীকাঘাতৰ ঘটনাঃ ৩ জনক গ্ৰেপ্তাৰ, মূল অভিযুক্তৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত

যোৰহাটৰ নৱমীৰ পূজাৰ নিশা গড়আলিত সংঘটিত ছুৰীকাঘাতৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন যুৱকক। দীৰ্ঘসময় ধৰি জেৰা কৰাৰ অন্তত ঘটনাস্থলীত উপস্থিত থকা যুৱতীকেইগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱককেইজনক। ধৃত যুৱককেইজন হ’ল ৰাজীৱ হাজৰিকা, চানিদুল ইছলাম আৰু বিশাল দাস।

উল্লেখযোগ্য যে, বাবু চৌধুৰীক ছুৰী মৰা যুৱকজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কোনো লোকে যদিহে উক্ত ঘটনাৰ ভিডিঅ’ মোবাইল ফোনত সংগ্ৰহ কৰিছিল তেন্তে সেই ভিডিঅ’ আৰক্ষীক যোগান ধৰিবলৈ যোৰহাট আৰক্ষীয়ে আহ্বান জনাইছে। ভিডিঅ’ যোগান ধৰা লোকৰ পৰিচয় গোপনে ৰখা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

GTM Desk

Related