লখিমপুৰত এফালে আনন্দ মিশ্ৰৰ এক্সন মুড, আনফালে চোৰৰ মৰসাহ বৃদ্ধি

লখিমপুৰত এফালে আনন্দ মিশ্ৰৰ এক্সন মুড, আনফালে চোৰৰ মৰসাহ বৃদ্ধি

এফালে নকল সোণ আৰু জালনোট ব্যৱসায়ীৰ সোঁত বৈছে আৰক্ষী থানালৈ, আনফালে বৃদ্ধি পাইছে চোৰৰ মৰসাহ ৷ নকল সোণ-টকা ব্যৱসায়ীয়ে গিজগিজাই থকা লখিমপুৰত বুধবাৰে দিন-দুপৰতে চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তিসহ নগদ ধন ৷ আই পি এছ আনন্দ মিশ্ৰ ই সোমবাৰে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰাৰ পাচতে কঁপনি উঠিছিল লখিমপুৰৰ অপৰাধ জগতত ৷

দক্ষ আৰক্ষী বিষয়া হিচাবে ইতিমধ্যেই নিজকে প্ৰমাণ কৰা আৰক্ষী বিষয়াগৰাকীয়ে লখিমপুৰত খোজ থৈয়েই সকিয়াই দিছিল নকল সোণ আৰু জালনোট ব্যৱসায়ীক নিজেই ধৰা দিয়াৰ বাবে ৷ হুমকি দিয়াৰ পিছতে এই পৰ্যন্ত ৩০ৰো অধিক ক’লা ব্যৱসায়ীয়ে লখিমপুৰৰ বিভিন্ন থানাত আত্মসমৰ্পণ কৰিছে ৷

এই পৰ্যন্তও থানালৈ সোঁত বৈয়েই আছে নকল সোণ-টকা ব্যৱসায়ীৰ । বহু ক’লা ব্যৱসায়ী মূলসুঁতিলৈ ঘূৰি আহিল যদিও লখিমপুৰৰে নাৰায়ণপুৰত বৃদ্ধি পালে চোৰৰ মৰসাহ ৷ বুধবাৰে ভৰ দুপৰীয়া নাৰায়ণপুৰৰ ১ নং ৱাৰ্ডত ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ লক্ ভাঙি প্ৰৱেশ কৰিলে চোৰে ৷

মাধৱদেৱ কলাক্ষেত্ৰৰ ঠিক পাছফালৰ জিতু বৰুৱাৰ বাসগৃহত দিন দুপৰতে চোৰে প্ৰৱেশ কৰি লুটে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে সাঁচতীয়া ধন ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অপৰাধৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি এক্সন মুডত অভিযান চলাবলৈ আৰম্ভ কৰাৰ পিছতে নগৰ এলেকাত চোৰৰ দপদপনিত চিন্তিত হৈ পৰিছে নাৰায়ণপুৰবাসী ৷

GTM Desk

Related