লণ্ডনৰ পৰা উভতিয়ে CAAক লৈ ডাঙৰ মন্তব্য জুবিনৰ

লণ্ডনৰ পৰা উভতিয়ে CAAক লৈ ডাঙৰ মন্তব্য জুবিনৰ

চিকাৰৰ দৃশ্যগ্ৰহণ কৰাৰ পাছত লণ্ডনৰ পৰা উভতিল জুবিন গাৰ্গ। সংবাদ মাধ্যমৰ আগত শ্বুটিঙৰ অনুভৱ ব্যক্ত কৰিলে শিল্পীগৰাকীয়ে। পূৰ্ণগতিত চলি আছে জুবিনৰ ‘চিকাৰ’ ছবিৰ কাম। ‘চিকাৰ’ত ৰাইজে জুবিন গাৰ্গক দেখা পাব এজন আদিবাসীৰ ৰূপত।

নতুন বছৰত ৰাইজে পাব জুবিনৰ দুখনকৈ চিনেমা। জুলাই নাইবা আগষ্ট মাহত মুক্তি লাভ কৰিব ‘চিকাৰ’ ছবিখনে। ৩ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ‘চিকাৰ’ৰ পাছতে আৰম্ভ হ’ব ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ কাম।

জুবিন গাৰ্গে কয়, ‘‘চিনেমাৰ নামত ৰাজনীতি হ’ব নালাগে। যতীন বৰাৰ চিনেমাৰ লগত ৰাজনীতি হ’ল। আৰ্ট এণ্ড কালচাৰত ৰাজনীতি হ’ব নালাগে। আমি জ্যোতিপ্রসাদৰ ধাৰাক লৈ চলিব লাগিব।’’

‘কা’ সন্দৰ্ভত জুবিন গাৰ্গে কয়, ‘‘মই কা বিৰোধী আগতেও আছিলো আৰু এতিয়াও আছো। ‘কা’ গোটেই বস্তুটো ৰাজনীতি হৈ থাকিল। হাস্পতালৰ পৰা ওলাই আহি ‘কা’ বিৰোধী আন্দোলনত দুজন মানুহে থিয় হৈ থকা দেখিলো। কেৱল সমুজ্জ্বল ভট্টাচার্য আৰু মই। ‘কা’ বিৰোধী আন্দোলন এইবাৰ বেলেগ ধৰণে হ’ব। এইবাৰ সামাজিক মাধ্যমৰ ওপৰত গুৰুত্ব দিয়া হ’ব। প্ৰয়োজন হ’লে ধৰ্ণা দিম। যোৱাবাৰ আমি পাঁচজনক হেৰুৱালো, তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।’’

ইফালে, নিজৰ স্বাস্থ্য সন্দৰ্ভত জুবিনে কয়, ‘‘স্বাস্থ্য মোৰ ভাল, আপোনালোকে দেখিছেই। এইবাৰ মোৰ মেগনেছিয়াম, পটাছিয়ামৰ পৰিমাণ কমি আছিল। মই ডাক্তৰক কৈছো পাৰিলে এইবাৰ মোৰ দেহত মেগনাইট আৰু ইউৰেনিয়াম ভৰাই দিয়ক।’’

GTM Desk