শনিদেৱক ন্যায়ৰ দেৱতা বুলি এনেই কোৱা নহয় !

1 min read

শনিদেৱক ন্যায়ৰ দেৱতা বুলি এনেই কোৱা নহয়।এজন ব্যক্তিৰ ভাল আৰু বেয়া কাৰ্য্য-অনুসৰি শনি দেৱতাই তেওঁক আশীষ প্ৰদান কৰে।( Religious Studies)

যদি এজন ব্যক্তিয়ে বেয়া কাম কৰে-তেন্তে শনি দেৱতা-তেওঁৰ ওপৰত বিতুষ্ট হয়।শনিৰ কোপ দৃষ্টিৰ ফলত তেওঁৰ-জীৱন দুখেৰে ভৰি আহে।একে সময়তে-শনিদেৱে ভাল কাম কৰা সকলক কেতিয়াও নিৰাশ নকৰে।এবাৰ তেওঁ কাৰোবাৰ প্ৰতি সদয় হলে-সেইজনৰ জীৱনত কেতিয়াও অভাৱ নহয়। মানুহে-কিছু বিশেষ কাম কৰিলে-শনিদেৱৰ কৃপা লাভ কৰিব পাৰে।

১/পূৰ্ৱ-পুৰুষৰ শ্ৰাদ্ধ-

*যিসকলৃ-পূৰ্ৱ-পুৰুষৰ শ্ৰাদ্ধ কৰে-তেওঁলোকে শনিদেৱৰ কৃপা আৰু আশীষ লাভ কৰে।শনিদেৱ পূৰ্ৱ-পুৰুষৰ শ্ৰদ্ধাত সন্তষ্ট হয় আৰু এই কাৰ্য্য কৰাসকলৰ সকলো দোষ-দূৰ হয়।শনিবাৰে শনি আৰু পিতৃপক্ষৰ অমাৱশ্যাৰ পূজা অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

২/পৰিষ্কাৰ পৰিচ্ছন্নতা-

*শনিদেৱে-পৰিষ্কাৰ পৰিচ্ছন্নতা বহুত ভালপায়।সেয়ে-শনিদেৱতাৰ সু-দৃষ্টি লাভ কৰিবলৈ-সদায় ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব।শাৰীৰিকভাৱেও স্বাস্থ্যৱান হৈ থাকিবলৈ চেষ্টা কৰিব।নখবোৰো সমানেই পৰিষ্কাৰ কৰি ৰাখিব আৰু নখ’ক বাঢ়িবলৈ নিদিব।যিসকল লোক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষভাৱে সচেতন-তেওঁলোকৰ ওপৰত কেতিয়াও শনিদেৱৰ কোপদৃষ্টি নপৰে।( Religious Studies)

৩/আঁহত গছৰ উপাসনা-

*আপুনি-নিশ্চয় শুনিছে যে-শনিবাৰে সন্ধিয়া-আঁহত গছৰ তলত চাকি জ্বলালে ভাল।ইয়াৰ প্ৰকৃত কাৰণ হল-আঁহত গছৰ উপাসনা কৰিও শনিদেৱতাক সন্তষ্ট কৰিব পাৰি।ইয়াৰ লগতে-আপুনি তেওঁৰ অনুগ্ৰহ লাভ কৰিবলৈ-আঁহত গছৰ পুলি এটা ৰোপণ কৰিব পাৰে।

৪/শনিবাৰে উপবাস-

*শনিবাৰে উপবাস কৰিলে-শনিদেৱতা সহজেই সন্তষ্ট হয় আৰু উপবাস ৰখা সকলৰ ওপৰত শনিদেৱতাৰ সু-দৃষ্টি পৰে।শনিবাৰে-উপবাস ৰখাৰ লগতে-দান কৰিও সিদ্ধি লাভ কৰিব পাৰি।অসহায় লোকক আহাৰ দান কৰিলে-শনিদেৱ অতি সন্তষ্ট হয়।আৰু এনেদৰে দান কৰা জনে-শনিদেৱতাৰ অপৰিসীম অনুগ্ৰহ লাভ কৰে।সেইজনৰ ঘৰত একোৰে অভাৱ নহয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author