Advertisement

শনিদেৱতাক কিদৰে সন্তুষ্ট কৰিব? শনিদেৱতাক সন্তুষ্ট কৰিবলৈ কৰক এই ৫টা কাম

শনিদেৱতাক কিদৰে সন্তুষ্ট কৰিব? শনিদেৱতাক সন্তুষ্ট কৰিবলৈ কৰক এই ৫টা কাম

বৈদিক জ্যোতিষত শনি দেৱতা  ধৰ্মীয় দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। শনি দেৱক ন্যায় আৰু ফলাফলৰ দাতা হিচাপে গণ্য কৰা হৈছে। শনিয়ে মানুহক বেয়া কামৰ শাস্তি দিয়াৰ সমান্তৰালকৈ শুভ ফলও প্ৰদান কৰে।শনিৰ মহাদশাক আটাইতকৈ কষ্টদায়ক বুলি গণ্য কৰা হয়। কোৱা হয় যে যিসকলৰ কুণ্ডলীত শনিদেৱ দুৰ্বল অৱস্থাত বিৰাজমান হৈ থাকে তেওঁলোকে জীৱনত বহুতো অসুবিধাৰ সন্মুখীন হয়। কামবোৰ সফল নোহোৱাৰ অধিক সম্ভাৱনা থাকে।

শনি দেৱক জ্যোতিষ শাস্ত্ৰত এক বিশেষ স্থান দিয়া হৈছে।ভগৱান শিৱই শনি দেৱক আশীৰ্বাদ দিছে যে কোনেও তেওঁৰ দৃষ্টিৰ পৰা আঁতৰি থাকিব নোৱাৰে। আনকি দেৱতাসকলেও শনিৰ দৃষ্টিৰ পৰা বাচিব নোৱাৰে। সেইকাৰণে শনি দেৱে সদায় তেওঁৰ দৃষ্টি শক্তি কমাই ৰাখে। বিশ্বাস অনুসৰি, মহাদশাৰ সময়ত একো ভুল কাম কৰিব নালাগে, অন্যথা শনিদেৱ ক্ৰোধিত হৈ পৰে। কিন্তু বিশেষ উপায় গ্ৰহণ কৰিলে শনিদেৱৰ পৰা পোৱা দুখ-কষ্টৰ পৰা সকাহ পাব পাৰে। সেই উপায়বোৰ কি জানি লওক…
 
১. বিশেষজ্ঞসকলৰ মতে, যিসকলৰ ওপৰত শনিদেৱৰ দশা চলি আছে  তেওঁলোকে কেতিয়াও কোনো দৰিদ্ৰ, ৰোগী বা পৰিশ্ৰমী ব্যক্তিক অপমান কৰা উচিত নহয়। একে সময়তে, আন কাৰো দ্বাৰা উপাৰ্জন কৰা ধনৰ ওপৰত‌ চকু দিয়া উচিত নহয়, আপুনি লোভ পৰিহাৰ কৰা উচিত। যিকোনো জন্তু, চৰাই আৰু পৰিৱেশৰ ক্ষতি কৰা পৰিহাৰ কৰিব লাগে।
 
২. বিশেষজ্ঞসকলৰ মতে, যিসকলৰ ওপৰত শনিদেৱৰ দশা চলি আছে তেওঁলোকে শনিবাৰে ক’লা কাপোৰ আদি দান দিব লাগে। তদুপৰি ক’লা খাদ্য, ফল আদিও আনক দান কৰিব পাৰে। পথৰ কাষত থকা গৰু-ম’হ আদিক শনিবাৰে আহাৰ খুৱালেও শনিৰ দোষ দূৰ হয়। 
 
৩. শনিবাৰে সন্ধিয়া আহঁত গছত পানী অৰ্পন কৰক । তাৰ পিছত শনিদেৱৰ ধ্যান কৰোঁতে সৰিয়হৰ তেলৰ চাকি এটা জ্বলাওক। যদি সম্ভৱ হয়, শনিদেৱৰ মন্ত্ৰ জপ কৰক। লগতে সৰিয়হৰ তেলৰ বাটি এটা লওক। এই তেলত আপোনাৰ ছবি চাওঁক। তাৰ পিছত এই তেল এজন অসহায় বা দৰিদ্ৰ ব্যক্তিক দান কৰক। মনত ৰাখিব যে সূৰ্যাস্তৰ পিছত শনিদেৱৰ পূজা অধিক ফলপ্ৰসূ বুলি গণ্য কৰা হয়। 
 
৪. শনিবাৰ দিনটো শেষ হোৱাৰ পিছত দৰিদ্ৰ ব্যক্তিসকলক ক’লা  আহাৰ খুৱাবলৈ চেষ্টা কৰক। যদি সম্ভৱ হয়, শনিবাৰে সাত প্ৰকাৰৰ খাদ্যশস্য লওঁক আৰু সেই শস্য আপোনাৰ মূৰৰ ওপৰেৰে সাতবাৰ ঘূৰাওক। তাৰ পিছত এই শস্য  চাৰিআলিত থকা চৰাইক খাবলৈ দিয়ক
 

৫. শনিদেৱে সদায় কৰ্মৰ ফল দিয়ে যদি আপুনি ভাল কৰ্ম কৰে আপুনি ভাল ফল লাভ কৰিব আৰু যদি বেয়া কৰ্ম কৰে তেতিয়া আপোনাকো বেয়া ফল দিব । সেইবাবে শনিৰ ক্ৰুদৃষ্টিৰ পৰা ৰক্ষা  পাবলৈ ভাল কাম কৰি যাওঁক । দৰিদ্ৰ , অসহায় ব্যক্তি , জীৱ-জন্তু, পশু-পক্ষী আদিক কেতিয়াও কষ্ট নিদিব যিমান সম্ভৱ সকলোকে সহায় কৰক আৰু শনিদেৱৰ কৃপা লাভ কৰক ‌।

Shahnawaz Hamza

Related