Advertisement

শনিদেৱৰ আশীৰ্বাদ লাভ কৰাৰ উপায়…

শনিদেৱৰ আশীৰ্বাদ লাভ কৰাৰ উপায়…

যেতিয়া শণিদেৱৰ কথা হয়, তেতিয়া সকলোৰে মনত এটা ভয় সোমাই পৰে। শণিদেৱক ন্যায়ৰ মূৰ্তি বুলিও কোৱা হয়। কৰ্ম অনুসাৰে শণিদেৱে ফল দিয়ে।শণিদেৱ যিমান ক্ৰোধ স্বভাৱৰ হয়, সিমানে আকৌ দয়ালু হয়। ( Religious Studies )

শণিদেৱে অতি সোনকালে নিজৰ ভক্তক ক্ষমা কৰি দিয়ে। এনে সময়ত শণিদেৱৰ বিধি অনুসাৰে পূজা অৰ্চনা কৰিলে নিজৰ কুণ্ডলীৰ পৰা শণিদেৱৰ বেয়া দৃষ্টি প্ৰভাৱক আঁতৰাব পৰা যায়।।

শণিদেৱক তেল অৰ্পণ কৰাৰ সময়ত এই কথা মন দিয়া উচিত ‌। শণি দেৱৰ প্ৰতিমাৰ ওপৰত তেল অৰ্পণ কৰাৰ আগেয়ে, তেলত নিজৰ মুখ’খনি চাব লাগে। এনে কৰিলে শনি দোষৰ পৰা মুক্তি পোৱা যায়। ধন সম্বন্ধীয় অহা কাৰ্য্যৰ বাধাও দূৰ হয় আৰু সুখ সমৃদ্ধি আহে।

শনিদেৱক তেল অৰ্পণ কৰাৰ বৈজ্ঞানিক মান্যতা আছে । ( Religious Studies )

জ্যোতিষ শাস্ত্র অনুসাৰে, আমাৰ শৰীৰৰ সকলো অংগতে বেলেগ বেলেগ গ্ৰহৰ বাসস্থান হয়। অৰ্থাৎ বেলেগ বেলেগ অংগৰ কাৰ্য্যৰ গ্ৰহ বেলেগ বেলেগ।

শণিদেৱ দাঁত, কাণ, হাড় আৰু আঠুৰ কাৰ্য্যৰ গ্ৰহ হয়। যদি কুণ্ডলীত শণিদেৱৰ দৃষ্টি অশুভ হৈ থাকে, তেতিয়া এই অংগৰ সমস্যা মনুষ্যই ভূগিব লগীয়া হয়। এই অংগসমূহ ভালদৰে ৰাখিবলৈ প্ৰতি শণিবাৰে, এই অংগত তেল মালিচ কৰিব লাগে।

শণিদেৱক তেল অৰ্পণ কৰাৰ অৰ্থ এয়া যে, আমি শণিদেৱৰ লগত জড়িত অংগতো তেল লগাব লাগে। যাতে এই অংগসমূহ বেদনা কষ্ট পৰা ৰক্ষা কৰিব পৰা যায়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Shahnawaz Hamza

Related