Advertisement

“শান্তি চুক্তিৰ পিছতেই বিটিআৰত পৰিৱেশ ভাল হৈছে”…

“শান্তি চুক্তিৰ পিছতেই বিটিআৰত পৰিৱেশ ভাল হৈছে”…

নিষিদ্ধ সংগঠন কেএলঅ’ক লৈ মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ । প্ৰমোদ বড়োয়ে কেএলঅ’ক লৈ মন্তব্য প্ৰদান কৰি কয় যে বন্দুক লৈ ধনদাবী কৰা ভাল কাম নহয় । বিটিআৰ শান্তি চুক্তিৰ পিছতেই বিটিআৰত পৰিৱেশ ভাল হৈছে । সেই পৰিৱেশ নষ্ট কৰিব নালাগে ।

১০০,৫০০ জন ল’ৰাই হাতত বন্দুক লৈ ভাৰত চৰকাৰক একো কৰিব নোৱাৰে । লগতে তেওঁ বিটিআৰৰ আইন-শৃংখলাৰ প্ৰতি আৰক্ষী প্ৰশাসন সতৰ্ক হোৱাত আৰক্ষী প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰে।
ইপিনে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ কেএলঅ’ক লৈ মন্তব্য প্ৰদান কৰে । তেওঁ কয় কেএলঅ’ হৈছে এটা অবৈধ সংগঠন । অবৈধ সংগঠন বনাই অশান্ত কৰিলে সহ্য কৰা নহ’ব ।

কেএলঅ’ দৰে অবৈধ সংগঠনে আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে । উচিত শিক্ষা দিয়া হৈছে , সহ্য কৰা নহ’ব । সৰু সৰু ডেকা লৰা ড্ৰাগছ আসক্ত ল’ৰাৰ কোনো জাতীয় সত্বা নাই ।

এনেই দাবী ধমকি দি সন্ত্ৰাসৰ সৃষ্টি কৰে । বাংলাদেশৰ নম্বৰৰ পৰা ধনদাবী পত্ৰ আহে । লগতে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰীয়ে অশান্ত হ’ব নিদিয়ে ।

Shahnawaz Hamza

Related