শালমন দূৰ কৰাৰ ঘৰুৱা উপায়বোৰ জানেনে ?

শালমন দূৰ কৰাৰ ঘৰুৱা উপায়বোৰ জানেনে ?

সকলো মহিলাই ধুনীয়া হৈ থাকিবলৈ বিচাৰে। বিশেষকৈ মুখখন নিমজ তথা দাগহীন কৰি ৰখাটো সকলো মহিলাৰে হয়তো প্ৰথম আকাংক্ষা।ইয়াৰ বাবে তেওঁলোকে ছালত বহুতো সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু তাৰ পাছতো মুখত শালমনকে ধৰি বিভিন্ন সমস্যাই দেখা দিয়ে। এনে পৰিস্থিতিত, আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি শালমনৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।হয়, আপুনি আমাৰ সকলোৰে পাকঘৰত উপলব্ধ ডালচেনি আৰু তেজপাত ব্যৱহাৰ কৰি ছালখন জিলিকাই তুলিব পাৰে।তেজপাত আৰু ডালচেনি কেনেকৈ মুখত প্ৰয়োগ কৰিব লাগে, আজি জানো আহক-

ডালচেনি আৰু তেজপাতৰ ফেচপেক তৈয়াৰ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ-

ডালচেনি পাউডাৰ – ২ চাহ চামুচ

তেজপাতৰ গুৰি – ১ চাহ চামুচ

মৌ – ২চাহ চামুচ

নেমুৰ ৰস – ১ চামুচ

কেঁচা গাখীৰ – ১ চাহ চামুচ

কেনেদৰে ব্যৱহাৰ কৰিব ?

. প্ৰথমে এটা বাটিত ডালচেনি পাউডাৰ আৰু তেজপাতৰ গুৰি মিহলি কৰি ল’ব।

. এতিয়া ইয়াত নেমুৰ ৰস আৰু মৌ যোগ দিয়ক।

. সকলোবোৰ উপাদান ভালদৰে মিহলি কৰি এটা পেষ্ট বনাওঁক।

. যদি পেষ্টটো বেছি ডাঠ হয়, তেন্তে আপুনি ইয়াত কেঁচা গাখীৰ মিহলাই দিব।

. তাৰ পিছত মুখখন সাধাৰণ পানীৰে ধুব আৰু ফেচপেকটো প্ৰয়োগ কৰিব।

. ফেচপেকটো ১৫-২০ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰিব।

. নিৰ্ধাৰিত সময়ৰ পিছত মুখখন সাধাৰণ পানীৰে ধুই পেলাব।

এই ফেচপেকৰ লাভালাভ

ডালচেনিৰ এণ্টিফাংগাল, এণ্টিবেক্টেৰিয়েল, এণ্টিঅক্সিডেণ্ট গুণ আছে। এই গুণবোৰে মুখৰ শালমন আঁতৰ কৰাত সহায় কৰে। যদি আপোনাৰ ছালৰ ৰং অৱনতি হৈছে, তেন্তে এই ফেচপেকটো আপোনাৰ বাবে যথেষ্ট সহায়ক হ’ব।আনহাতে, তেজপাতত আইৰণ, তাম, কেলচিয়াম, মেগনেছিয়াম, মেঙ্গানিজ, ভিটামিন-চি থাকে। ডালচেনিও পুষ্টিৰ ভাণ্ডাৰ।সেয়েহে,  এই ফেচপেকটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ মুখখন মসৃণ তথা উজ্জল কৰি তুলিব পাৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Shahnawaz Hamza

Related