Advertisement

চন্দ্ৰপুৰ-পানীখাইতীত ফেনে ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী

চন্দ্ৰপুৰ-পানীখাইতীত ফেনে ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী

বিগত কেইবাদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত শেহতীয়াকৈ চন্দ্ৰপুৰ আৰু পানীখাইতীৰ দাঁতিৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফোটোকাৰে বৃদ্ধি পাইছে। যোৱা তিনি দিনত পানীৰ মাত্ৰা ইমানে বৃদ্ধি পাইছে যে ইতিমধ্যে বৃহত্তৰ অঞ্চলৰ বিভিন্ন এলেকা প্লাৱিত হৈ সাগৰসদৃশ হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল। জানিব পৰা মতে পানীখাইতীৰ বিস্তীৰ্ণ অঞ্চল বিশেষকৈ খাঙ্কৰ, হাতীশিলা, তামোলবাৰী, খেৰবাৰী, আমগাঁও, বোন্দা, চপাইডাং আদি অঞ্চলৰ বহু এলেকাত নৈৰ বাঢ়নী পানী প্ৰৱেশ কৰাৰ উপৰি চন্দ্ৰপুৰৰ তাতীমাৰা, শিঙিমাৰী, হাজংবৰী আদি অঞ্চল তথা নৈখনৰ সীমামুৰীয়া স্থানসমূহ পানীৰে উপচি পৰিছে। এই বাঢ়নী পানীয়ে আনকি নৈৰ পাৰত কৰা বহু উৎপাদিত পাচলি খেতি উটুৱাই নিছে। এই পৰ্যন্ত কোনো বসতি অঞ্চলত প্ৰৱেশ কৰা নাই যদিও পানী বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য কৰি দুই-এদিনতে বাসগৃহ এৰিবলগীয়া হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে কেবাটাও অঞ্চলৰ বাসিন্দা। ইফালে পানীখাইতীৰ হাতীশিলা গণেশ মন্দিৰলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে শেহতীয়া বান আৰু খহনীয়াই।বানৰ সমান্তৰালকৈ খহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ঐতিসাহিক মন্দিৰটোৰ নিচেই কাষ চাপিছে খহনীয়া। আজিও আনকি চকুৰ পচাৰতে কেইবাডাল বৃহৎ গছ উটুৱাই নিয়ে ব্যাপক খহনীয়াই। নিচেই কাষ চাপি অহা খহনীয়াত মন্দিৰটো উছন হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। কিছুদিন পূৰ্বে জলসম্পদ বিভাগে পৰ্কিউপাইন স্থাপন কৰিছে যদিও সেয়াও বানে উটুৱাই নিয়াৰ ফলত খহনীয়াই অধিক কাল ৰূপ লোৱাৰ উপক্ৰম হৈছে অঞ্চলটোত।

Shahnawaz Hamza

Related