শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি…

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি…

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছিল নেতাগৰাকীৰ বিৰুদ্ধে ।

এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল অংকৃতাই ৷ ৬৯২/২০২৩ নম্বৰত গোচৰ ৰুজু ৷

এই অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ গুৱাহাটীৰ পৰা দুটাকৈ আৰক্ষীৰ দল ৰাওনা হৈছে কৰ্ণাটক আৰু দিল্লীলৈ । ADCP মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত কৰ্ণাটকলৈ ৰাওনা হৈছে আৰক্ষীৰ দল ৷

উল্লেখ্য যে সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচন ৷ আৰু ৰাজ্যখনত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ শক্তিশালী ভূমিকা আছে ৷ এনে সময়ত এগৰাকী যুৱ নেত্ৰীৰ অভিযোগে শলঠেকত পেলাব কংগ্ৰেছক ৷

ইতিমধ্যে এআইচিচিয়ে শনিবাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অংকিতা দত্তক দলটোৰ পৰা প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে ৷

নিৰ্বাচনৰ পূৰ্বেই দলৰ এইদৰে শ্ৰী নিবাসৰ বিৰুদ্ধে যুৱ নেত্ৰী অংকিতা দত্তই গুৰুত্বৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই উত্তাল হৈছে দুয়োখন ৰাজ্যৰ ৰাজনীতি ৷

Shahnawaz Hamza

Related