শুকুৰবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে অসম উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

শুকুৰবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে অসম উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ মন্ত্ৰী গৰাকীয়ে নিশাটো কটাব দেৰগাঁৱত ৷

১৫ মাৰ্চত দুপৰীয়া ভাগত শ্বাহে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ নতুন ভৱনটি উদ্বোধন কৰিব ৷ ইয়াৰ পোনে পোনে গুৱাহাটীলৈ আহি তাৰ পৰা সদৌ বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনৰ মুকলি সভাত অংশ লোৱাৰ কথা ৷


আনহাতে দিছপুৰত ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰে গৃহমন্ত্ৰী গৰাকী এক বৈঠকত মিলিত হ’ব ৷

GTM Desk

Related