শুক্ৰবাৰৰ পৰা নগাঁৱৰ হাতীচোঙত তিনি দিনীয়াকৈ বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা-মহা বিষ্ণু যজ্ঞ

শুক্ৰবাৰৰ পৰা নগাঁৱৰ হাতীচোঙত তিনি দিনীয়াকৈ বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা-মহা বিষ্ণু যজ্ঞ

নিউজ ব্যুৰ’,নগাঁও,২৯জুন :- আধ্যাত্মিকসত্ত্বাৰ আত্মা স্বৰূপ বৈদিক সনাতন ধৰ্মৰ নীতি আৰু আদৰ্শক সাৰোগত কৰি স্থাপন হোৱা নগাঁও জিলাৰ কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,হাতীচোঙৰ বৈদিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত হাতীচোঙৰ সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগণত অহা ৩০জুনৰ পৰা বিষ্ণু বিগ্ৰহ ভাগ প্ৰতিষ্ঠা কৰা হ’ব । তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিগ্ৰহ ভাগ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ কামনাৰে শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞৰো আয়োজন কৰা হৈছে । ইতিমধ্যে সভাপতি অনিল আগমাচাৰ্য আৰু সম্পাদক নিপন শৰ্মাৰ নেতৃত্বত গঠিত উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । উদযাপন সমিতিয়ে যুগুতাই উলিওৱা কাৰ্যসূচী অনুসৰি ৩০জুন,বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন,বন্তি প্ৰজ্বলন,স্মৃতি তৰ্পণ,বিয়লি ঋত্বিকসকলৰ আদৰণি জনোৱাৰ পাছতে অধিবাস সমাপন কৰা হ’ব । ১জুলাই,শনিবাৰে পুৱা বেদমন্ত্ৰ পাঠ,নান্দী শ্ৰাদ্ধ,আয়তীৰ দ্বাৰা জলযাত্ৰা,পাদ পক্ষালন,ঋত্বিক বৰণ,অগ্নি আহৰণ,মহা বিষ্ণু যজ্ঞ আৰম্ভ,আহুতি প্ৰদান,বিয়লি সম্বৰ্ধনা অনুষ্ঠান,সন্ধিয়া আৰতিৰ পাছতে ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাৰ পৰিচালনাত বিশিষ্ট সংস্কৃত পণ্ডিত প্ৰয়াত উমাকান্ত দেৱ শৰ্মাৰ সোঁৱৰণত “সংস্কৃত সন্ধ্যা” অনুষ্ঠিত হ’ব । ২জুলাই, ৰবিবাৰে পুৱা বেদমন্ত্ৰ পাঠ, মংগলাচৰণ,আহুতি প্ৰদান,নাম প্ৰসংগ,বিয়লি পূৰ্ণাহুতি প্ৰদান আৰু ঋত্বিকসকলৰ বিদায় অনুষ্ঠানৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ’ব । ইপিনে উদযাপন সমিতিয়ে জনোৱা মতে ২জুলাই,ৰবিবাৰৰ মহা বিষ্ণু যজ্ঞৰ পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিব বিচৰা ভক্তই সমিতিৰ লগত আগতীয়াকৈ 7002465960 নাইবা 7002181682 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । মহা বিষ্ণু যজ্ঞৰ তিনিও দিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk