শ্ৰীকৃষ্ণৰ প্ৰিয় মাখনৰ উপকাৰিতাৰ বিষয়ে জানেনে? বিভিন্ন ৰোগ নাশ কৰে মাখনে…

শ্ৰীকৃষ্ণৰ প্ৰিয় মাখনৰ উপকাৰিতাৰ বিষয়ে জানেনে? বিভিন্ন ৰোগ নাশ কৰে মাখনে…

শ্ৰীকৃষ্ণৰ প্ৰিয় মাখনৰ উপকাৰিতাৰ বিষয়ে জানেনে? বিভিন্ন ৰোগ নাশ কৰে এই মাখনে

ভগৱান কৃষ্ণৰ মাখন অতিকৈ প্ৰিয়, শ্ৰীকৃষ্ণই মাখন চোৰ কৰি খোৱাৰ কথাও উল্লেখ আছে বিভিন্ন ধৰ্ম গ্ৰন্থত যাৰ বাবে তেওঁক মাখন চোৰৰ নামো দিছিল। হিন্দু পঞ্জিকাৰ মতে, ভদ্ৰপদৰ কুশান পক্ষৰ অষ্টম দিনা ভগৱান কৃষ্ণৰ জন্ম হৈছিল। মুৰুলীধৰৰ প্ৰিয় ভোগক মাখন-মিছৰী বুলি গণ্য কৰা হয়। বৰ্তমান বজাৰত বহুতো কৃত্ৰিম মাখন বিক্ৰী কৰে কিন্তু আপুনি বিচাৰিলে ঘৰত এই ভোগ অতি সহজে প্ৰস্তুত কৰিব পাৰে।

আপুনি জানেনে শ্ৰীকৃষ্ণৰ প্ৰিয় মাখনৰ বহুতো গুণাগুণ আছে৷ সাধাৰণতে বজাৰত উপলব্ধ মাখন হালধীয়া ৰঙৰ হয়। ইয়াত নিমখো থাকে। যি সকল ৰক্তচাপৰ ৰোগী তেওঁলোকৰ বাবে বগা মাখন উপকাৰী। বগা মাখন খোৱাটোৱে ডিঙিৰ প্ৰদাহৰ পৰাও সকাহ দিয়ে।

ভগৱানৰ মাখন ভোগ দৈনিক গ্ৰহণ কৰিলেও বহুতো লাভালাভ লাভ কৰে। মাখনে হৃদৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। শিশুক বগা মাখন খুৱালে শিশুৰ শৰীৰ সুন্দৰ হয় লগতে দৃষ্টিশক্তিও বৃদ্ধি কৰে। মাখনে হাড় শক্তিশালী কৰাতো সহায় কৰে৷ গাঁঠিৰ বিষৰ বাবেও উপকাৰী মাখন। হালধীয়া মাখনৰ তুলনাত বগা মাখন চৰ্বিমুক্ত। ই ওজন বৃদ্ধিৰ আশংকাও যথেষ্ট হ্ৰাস কৰে। লগতে মিছৰীও শিশুৰ বাবে যথেষ্ট উপকাৰী।

GTM Desk

Related