শৰীৰত এই লক্ষণে দেখা দিলে সাৱধান হ’ব

শৰীৰত এই লক্ষণে দেখা দিলে সাৱধান হ’ব

এজন ব্যক্তিৰ মগজুৱে চৌবিশ ঘণ্টাই একেৰাহে কাম কৰি থাকে। দীঘলীয়া সময় ধৰি নিৰন্তৰ কাম কৰাৰ বাবে মগজুটোক বিভিন্ন সময়ত বিভিন্ন ৰোগে আক্ৰান্ত কৰে। এই ৰোগ সমূহৰ এক অন্যতম ৰোগ হ’ল ‘ব্ৰেইন টিউমাৰ’ অথবা মগজু বা মস্তিস্কৰ টিউমাৰ। যেতিয়াই মস্তিস্কৰ টিউমাৰ বিকশিত হয়, শৰীৰত বিভিন্ন লক্ষণে দেখা দিবলৈ আৰম্ভ কৰে। যদি আপুনি সময়মতে এই লক্ষণবোৰৰ প্ৰতি মনোযোগ নিদিয়ে, তেন্তে আপোনাৰ জীৱনৰ প্ৰতি ই চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে। আজি আমি মস্তিস্কৰ টিউমাৰৰ কিছুমান প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে জানো আহক-

মস্তিস্কৰ টিউমাৰ কি ?

এই টিউমাৰ মগজু আৰু ইয়াৰ চাৰিওফালৰ কোষবোৰৰ বিকাশৰ ফলত হয়।মস্তিস্কৰ টিউমাৰ মস্তিস্কৰ কোষকলাত অথবা মস্তিস্কৰ কোষকলাৰ চাৰিওফালেও হ’ব পাৰে। ই পিটুইটাৰি গ্ৰন্থি, পাইনেল গ্ৰন্থি আৰু মস্তিস্কৰ পৃষ্ঠ আৱৰি থকা আৱৰণতো হ’ব পাৰে।

মস্তিস্কৰ টিউমাৰৰ লক্ষণ-

বিশেষজ্ঞসকলৰ মতে, মস্তিস্কৰ টিউমাৰ আৰম্ভ হ’লে আপুনি আপোনাৰ শৰীৰত ইয়াক অনুভৱ কৰিব পাৰিব।তদুপৰি, মস্তিস্কৰ টিউমাৰ থকা লোকসকলৰ শৰীৰত কিছুমান প্ৰাৰম্ভিক লক্ষণে দেখা দিয়ে। সেইসমূহ হৈছে-

. ওকালি অহা বা বমি হোৱা।

. খুব ভাগৰুৱা অনুভৱ হোৱা।

. টোপনিৰ অভাৱ ।

. খোজ কাঢ়িবলৈ অসুবিধা হোৱা।

. মূৰত বিষ ।

. দৃষ্টিশক্তি হেৰুওৱা ।

. হাত আৰু ভৰিৰ সংবেদন।

. মনোভাৱ সঘনাই সলনি হোৱা।

. পঢ়া আৰু লিখাত অসুবিধা।

. মুখ, হাত আৰু ভৰিত দুৰ্বলতা অনুভৱ কৰা।

যদি আপুনি আপোনাৰ শৰীৰত এনে কোনো লক্ষণে দেখা দিয়ে, তেন্তে খুব সোনকালেই বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

GTM Desk

Related