Advertisement

শৰীৰত কলেষ্টেৰলে বাহ বান্ধিছে নেকি? কেনেকৈ জানিব পাৰিব? আজিয়ে চিনি লওক এই লক্ষণবোৰ!

শৰীৰত কলেষ্টেৰলে বাহ বান্ধিছে নেকি? কেনেকৈ জানিব পাৰিব? আজিয়ে চিনি লওক এই লক্ষণবোৰ!

জীৱনশৈলী আৰু খাদ্যাভাসৰ বাবে বেছিভাগ মানুহেই হৃদৰোগত আক্ৰান্ত হয়। কম বয়সতে হাৰ্ট এটেক, ষ্ট্ৰোক, উচ্চ ৰক্তচাপৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হয় মানুহ। হৃদৰোগৰ প্ৰধান কাৰণ হ’ল শৰীৰৰ বেয়া কলেষ্টেৰল বৃদ্ধি পোৱা।

শৰীৰত দুই ধৰণৰ কলেষ্টেৰল থাকে, এবিধ ভাল কলেষ্টেৰল আৰু আনবিধ বেয়া কলেষ্টেৰল। বৈজ্ঞানিক তথ্য অনুসৰি, শৰীৰত বেয়া কলেষ্টেৰলৰ বাঢ়িবলৈ আৰম্ভ কৰিলে ষ্ট্ৰোক, হাৰ্ট এটেক আৰু হৃদয় সম্পৰ্কীয় ৰোগ বৃদ্ধি পায়। কলেষ্টেৰল বৃদ্ধি জিনগতও হ’ব পাৰে। ইয়াৰ পিছত এই ৰোগ বৃদ্ধি পাই থাকে।

শৰীৰত বেয়া কলেষ্টেৰল বাঢ়ি গ’লে এই লক্ষণবোৰ দেখা দিয়ে। ১. হাত আৰু ভৰিৰ জঠৰতা : শৰীৰত বেয়া কলেষ্টেৰল বাঢ়ি গ’লে হাত-ভৰি জঠৰ হৈ পৰে। ফলত শৰীৰত কঁপনি উঠে।

২. মূৰৰ বিষ : স্বাস্থ্য বিশেষজ্ঞৰ মতে, বেয়া কলেষ্টেৰল বাঢ়ি গ’লে তীব্ৰ মূৰৰ বিষ হয়। ঠিকমতে ৰক্ত সঞ্চালন নহ’লে প্ৰচণ্ড মূৰৰ বিষ আৰম্ভ হয়।

৩. নিশ্বাসত কষ্ট : অলপ খোজ কাঢ়িলেই যদি শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ হয়, তেন্তে সেয়া কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

৪. অস্বস্তি বোধ : কলেষ্টেৰল বাঢ়ি গ’লে হৃদৰোগ বা ষ্ট্ৰোকৰ সম্ভাৱনা বাঢ়ে। ফলত বুকুৰ বিষ, অস্থিৰতা, দ্ৰুত হৃদস্পন্দন বেয়া কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

৫. ওজন বৃদ্ধি : ক্ৰমাগত ওজন বৃদ্ধিৰ ফলত শৰীৰত বেয়া কলেষ্টেৰল বাঢ়িবলৈ আরম্ভ কৰে। যদি আপোনাৰ শৰীৰত এই ধৰণ কোনো উপসৰ্গ দেখা যায়, তেন্তে আপোনাৰ কলেষ্টেৰল পৰীক্ষা কৰক।

কলেষ্টেৰলৰ স্বাভাৱিক মাত্ৰা কিমান? তেজত বেয়া কলেষ্টেৰল বাঢ়ি গ’লে ইয়াৰ মাত্ৰা ১০০ mg/dlৰ কম হ’লে সেয়া স্বাভাৱিক মাত্ৰা। যদি ই 130mg/dl পাৰ হয় তেন্তে ই আপোনাৰ বাবে এক সতৰ্কতা। যদি আপোনাৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা ১৬০gm/dLৰ বেছি হয় তেন্তে ই আপোনাৰ বাবে বিপদৰ সংকেত। ইয়াৰ স্পষ্ট অৰ্থ হ’ল আপোনাৰ শৰীৰত থকা বেয়া কলেষ্টেৰল বাঢ়িছে।

Shahnawaz Hamza

Related