Advertisement

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ !

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ !

ঔম নমঃ শিবাই ; মহাদেৱ শিৱৰ এনে এটি মহামন্ত্ৰ আছে যিটো পাঠ কৰিলে মানুহৰ জীৱনৰ একাধিক সমস্যা খুব দ্ৰুতগতিত সমাধান হৈ পৰে। এই মন্ত্ৰ অতি সহজ আৰু এই মন্ত্ৰ জপ কৰিবলৈ পালন কৰিবলগীয়া সাৱধানতা ও বহু বেছি নাই। এই মন্ত্ৰক মনস্কামনাপূৰণ মন্ত্ৰ বুলিও কোৱা হয়।

মহাদেৱ শিৱ হৈছে বিনাশিক দেৱতা ; সৃষ্টি, স্থিতি আৰু বিনাশ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিও শিৱৰে ৰূপ। আৰু এই ধৰাৰ প্ৰয়োজন অনুসৰি মহাদেৱ শিৱই ভিন্ন সময়ত ভিন্ন ৰূপ ধাৰণ কৰি আহিছে। সৃষ্টিৰ প্ৰয়োজনত ব্ৰহ্মাৰ ৰূপ, যেতিয়া স্থিতি বা পালনৰ প্ৰয়োজন তেতিয়া বিষ্ণুৰ ৰূপ আৰু যেতিয়া ধ্বংসৰ প্ৰয়োজন তেতিয়া বিনাশৰ ৰূপ ধাৰণ কৰি আহিছে। এই তিনি ৰূপৰ ঐতিহ্য আৰু মহত্ব একে। আৰু এই মহাদেৱ শিৱৰ বিশেষ মহামন্ত্ৰ পাঠ কৰিলে মানুহৰ জীৱনৰ সকলো ইচ্ছা পূৰণ হৈ যায়।

এই মহামন্ত্ৰ পাঠ কৰাৰ আগতে দেহ মন শুদ্ধ হোৱা দৰকাৰী আৰু সন্মুখত মহাদেৱ শিৱৰ ছবি নাইবা বিগ্ৰহ থকা দৰকাৰী। লগতে যদি হাতত ৰুদ্ৰাক্ষৰ মালা হাতত লৈ এই মন্ত্ৰ জপ কৰিব পাৰে তেন্তে ফলাফল অধিক পোৱাৰ সম্ভৱনা থাকে।

মহাদেৱ ভগৱান শিৱৰ এই ৰুদ্ৰ মন্ত্ৰ পাঠ কৰিলে সৰ্বমুঠ আঠোটা উপকাৰ পোৱা যায়। কোৱা হয় এই মন্ত্ৰ পাঠ কৰিলে জীৱনৰ সকলো পাপ আৰু দোষ শেষ হৈ যায় , মস্তিষ্কৰ চাপ নাইকিয়া হৈ মগজু শীতল হৈ পৰে , দিনটোৰ কাম কাজ কৰিবলৈ আগ্ৰহ বাঢ়ে।

এই মন্ত্ৰ পাঠ কৰা লোকক কোনো শত্ৰুয়ে কোনো ক্ষতি কৰিব নোৱাৰে, এই মন্ত্ৰ পাঠ কৰিলে জীৱনত আৰ্থিক উন্নতি হয়, সামাজিক মান মৰ্য্যদা আৰু সন্মান পোৱা নিশ্চিত, শৰীৰৰ কৰ্ম ক্ষমতা বৃদ্ধি হয়। এই মন্ত্ৰ পাঠ কৰিলে মনত এক বিশেষ শক্তি ভৰি পৰিব, এক বিশেষ উৎসাহ আৰু কৰ্মস্পৃহা বৃদ্ধি পাব লগতে সকলো মনোবাঞ্ছা পূৰ্ণ হৈ পৰিব।

ঔম নমঃ ভগৱতে ৰুদ্ৰায়

এই মন্ত্ৰ একেৰাহে এশ আঠ বাৰ জপ কৰা খুব লাভদায়ক। আৰু এই মন্ত্ৰ সদায় পাঠ কৰিব পাৰে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Shahnawaz Hamza

Related