সময়মতে শৰীৰৰ যত্ন লৈ জীৱনটো ৰক্ষা কৰক

সময়মতে শৰীৰৰ যত্ন লৈ জীৱনটো ৰক্ষা কৰক

ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীয়েই বহু গুৰুতৰ ৰোগৰ কাৰণ। এই ৰোগবোৰৰ ভিতৰত অধিকাংশ ব্যক্তিকে আগুৰি থকা ৰোগটো হৈছে উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ বহু কম বয়সৰ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।আনহাতে, উচ্চ ৰক্তচাপৰ বাবেই বিশ্বত ‘হাৰ্ট এটেক’ৰ ফলত হোৱা মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।উল্লেখ কৰাৰ প্ৰয়োজন যে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতাৰ অভাৱেও এতিয়া জীৱনৰ প্ৰতি বিপদাশংকা কঢ়িয়াই আনিছে। আজি এই বিষয়ে জানো আহক-

ৰক্তচাপ বৃদ্ধি হোৱাৰ কাৰণ-
বিশেষজ্ঞসকলৰ মতে, ডায়েবেটিচ আৰু হৃদ ৰোগীৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ সমস্যা অধিক হয়। ইয়াৰ উপৰিও, দুৰ্বল জীৱনশৈলীও এই ৰোগৰ আন এক মুখ্য কাৰণ। ব্যায়াম নকৰা, অত্যাধিক চিন্তা, সুৰা-চিগাৰেট খোৱাৰ ফলতো এই ৰোগৰ জন্ম হয়।ইফালে, যদি আপোনাৰ হৃদস্পন্দন জোখতকৈ বেছি হৈ আছে, তেন্তে আপোনাৰ ৰক্তচাপৰ সমস্যাত ভোগাৰ সম্ভাৱনা অধিক।

বৰ্ধিত ৰক্তচাপৰ লক্ষণ –
বৰ্ধিত ৰক্তচাপৰ কিছুমান লক্ষণ আছে। সেইসমূহ হৈছে-

. প্ৰতিদিনে মূৰৰ বিষ

. ভাগৰুৱা হৈ থকা

. উদ্বিগ্নতা

. বমি

. চকুৰে অস্পষ্ট দেখা

. কোনো কাৰণ নোহোৱাকৈ ঘাম ওলোৱা

ৰক্তচাপ কেনেদৰে নিয়ন্ত্ৰণ কৰিব ?
যদি সময়মতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা নহয়, তেনেহ’লে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হয়। এনে পৰিস্থিতিত, আপুনি আপোনাৰ খাদ্য আৰু পানীয়ৰ যত্ন লোৱাটো খুৱেই গুৰুত্বপূৰ্ণ। ৰক্তচাপ নিয়ন্ত্ৰণ কৰি সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ আপুনি খাদ্যত কম নিমখ খাব, ধপাত আৰু সুৰা সেৱন নকৰিব, ব্যায়াম কৰিব। আনহাতে, এই ৰোগৰ লক্ষণসমূহ দেখা দিলে লগে লগে চিকিৎসকৰ কাষ চাপিব।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Shahnawaz Hamza

Related