সাংবাদিকৰ ৰূপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কন্যা সুকন্যা

সাংবাদিকৰ ৰূপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কন্যা সুকন্যা

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰিপাব্লিক টিভিত সাংবাদিকৰ ৰূপত প্ৰত্যক্ষ কৰা গ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ কন্যা সুকন্যা। আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটযোগে জীয়াৰীৰ সাফল্যৰ বতৰা দিছিল। সুকন্যাই অতি এগৰাকী পেছাদাৰী সাংবাদিকৰ দৰে যমুনা নদীৰ প্ৰদূষণৰ ওপৰত এক প্ৰতিবেদন দাঙি ধৰিছিল।

উল্লেখ্য, সাংবাদিকতাৰ শিক্ষা সাং কৰাৰ পিছত ৰাষ্ট্ৰীয় বাতৰি চেনেল ৰিপাব্লিক টিভিত ইণ্টাৰ্নশ্বিপ সম্পূৰ্ণ কৰিছে সুকন্যাই। ২১ বছৰীয়া সুকন্যাই সংবাদ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ খবৰ তেওঁৰ মাতৃ ৰিণিকি ভূঞা শৰ্মায়ো সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰে।

এগৰাকী মুখ্যমন্ত্ৰীৰ সন্তান ৰূপে পৰিচিত হ’লেও সুকন্যাই নিজৰ পৰিচিতি দাঙি ধৰিবলৈ কৰা এই কাৰ্যত বহুতে প্ৰশংসা কৰিছে। আজমেৰ মায়’ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা সুকন্যাই ২০২০ চনত আই এ এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ৮৮.৮ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল সুকন্যা।

Shahnawaz Hamza

Related