সাহিত্যাচাৰ্য ড০প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু নাই।

সাহিত্যাচাৰ্য  ড০প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু নাই।

সাহিত্যাচাৰ্য ড০প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ যোৱা নিশা পৰলোক প্ৰাপ্তি ঘটে। ভাষাবিদ দাৰ্শনিক পণ্ডিত সাহিত্য সংস্কৃতিৰ সাধক ভাষাচাৰ্য্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য আজি কেইবাদিনো ধৰি গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল। অবশেষত নিষ্ঠুৰ নিয়তি ওচৰত হাৰ মানিলে বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ভট্টাচাৰ্য্যই। ড০প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ বিয়োগত অসম সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ কৰে। প্ৰয়াত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জীৱন আৰু কৰ্ম অক্ষয় চিহ্ন হৈ জিলিকি ৰ’ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশীয়ে এক শোকবাৰ্তা যোগে মন্তব্য কৰিছে। বড়ো ভাষাৰ উত্তৰণত তেখেতৰ অৱদান অতুলনীয়। বৰেণ্য ভাষাবিদগৰাকীৰ বিয়োগ অসমৰ বৌদ্ধিক, সামাজিক তথা জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

ড০প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ বিয়োগত সমগ্ৰ অসমবাসীৰ লগতে গুৱাহাটী টাইমছৰ পৰিয়ালবৰ্গও শোকস্তব্ধ হৈ পৰিছে। ড০ ভট্টাচাৰ্যলৈ গুৱাহাটী টাইমছৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰাও জনালো অশ্ৰুসিক্ত গভীৰ শ্ৰদ্ধাঞ্জলি । তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.