সৃজনগ্ৰামত সংবাদকৰ্মীক আক্ৰমণ চিকিৎসালয়ৰ সুৰামত্ত কৰ্মচাৰীৰ

সৃজনগ্ৰামত সংবাদকৰ্মীক আক্ৰমণ চিকিৎসালয়ৰ সুৰামত্ত কৰ্মচাৰীৰ

দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰাত বাধা

সৃজনগ্ৰামত শুকুৰবাৰে নিশা সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয়ৰ এগৰকী উদণ্ড প্ৰকৃতিৰ অস্থায়ী কৰ্মচাৰীয়ে সুৰাপান কৰি সংবাদকৰ্মী তথা সৰবৰহী যুৱক আনিছ আলীক শাৰীৰিকভাৱে আক্ৰমণ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিশা অঞ্চলটোত সংঘটিত এক দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰাৰ সময়ত চিকিৎসালয়খনৰ চৌহদতে অস্থায়ী কৰ্মচাৰী বাপন মেধিয়ে সংবাদকৰ্মী আনিছ আলী ওৰফে আকাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ বিবৰণী অনুসৰি ইৰিক্সা আৰু মটৰ চাইকেলৰ মাজত সংঘটিত এক দুৰ্ঘটনাৰ ফলত দুগৰাকী যুৱক আহত হোৱাত ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়খনত তেওঁলোকক ভৰ্তি কৰোৱা হৈছিল। সংবাদিকতাৰ দাযিত্ব পালন কৰি আনিছ আলীয়ে আন সতীৰ্থসকলৰ সৈতে উপস্থিত হৈ ভিডিঅ’ সংগ্ৰহ কৰিবলৈ ধৰে। কিন্তু উদণ্ড প্ৰকৃতিৰ বাপন মেধি নামৰ কৰ্মচাৰীগৰাকীয়ে মদৰ নিচাত মাতাল হৈ কোনো কাৰণ নোহোৱাকৈ সংবাদকৰ্মীকেইগৰাকীক সংবাদ সংগ্ৰহত বাধা প্ৰদান কৰে। কেৱল বাধা প্ৰদানতে সীমাবদ্ধ নাথাকি বাপন মেধিয়ে আনিছ আলীক শাৰীৰিকভাৱে আক্ৰমণো কৰে। বাপনৰ প্ৰচণ্ড আক্ৰমণত গুৰুতৰভাৱে আহত হয় সংবাদকৰ্মীগৰাকী।

আনহাতে এই ঘটনাৰ ফলত সৃজনগ্ৰাম তথা অভয়াপুৰীৰ সংবাদকৰ্মীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী বাপন মেধিয়ে প্ৰায়েই এনেদৰে সুৰামত্ত হৈ চিকিৎসালয়খনত এনেদৰে ৰোগী তথা অভিভাৱকক দুৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ পোৱা গৈছে। আনহাতে উদণ্ড কৰ্মচাৰীগৰাকীৰ প্ৰহাৰত আহত হোৱা আনিছ আলীয়ে বৰঘোলা আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।কিন্তু অজ্ঞাত কাৰণত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে অভিযুক্তৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়ত সুৰাপান কৰি লম্ফজম্ভ কৰা কৰ্মচাৰীগৰাকীৰ উচিত শাস্তি দাবী কৰিছে সংবাদকৰ্মীসকলৰ লগতে স্থানীয় ৰাইজে।

GTM Desk