হঠাৎ অসুস্থ জুবিন গাৰ্গ! নেমকেয়াৰ হাস্পতালত ICUত ভৰ্তি জুবিন

হঠাৎ অসুস্থ জুবিন গাৰ্গ! নেমকেয়াৰ হাস্পতালত ICUত ভৰ্তি জুবিন

হার্টথ্রব জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ উঠিছে। তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, আজি পুৱা গছৰ পুলিত পানী দি থকা অৱস্থাত তেওঁ অসুস্থ হৈ পৰিল। হঠাৎ মূৰ ঘূৰাই পৰি যোৱাত লগা লগ হাস্পতালত ভৰ্তি কৰোৱা হয়।

শেহতীয়া খবৰ অনুসৰি, বৰ্তমান জুবিন গাৰ্গক নেমকেয়াৰৰ হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকে জুবিন স্নায়ুৰ ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। নেমকেয়াৰৰ নিউৰ’ বিশেষজ্ঞই জুবিনক চোৱাচিতা কৰি আছে। বিশেষজ্ঞ চিকিৎসকলৰ তত্বাৱধানত জুবিনক উন্নত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

ইয়াৰ পূৰ্বেও স্বাস্থ্যজনিক সমস্যাৰ বাবে জুবিন আয়ুৰচন্দ্ৰা, হেল্থ চিটী, নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈছিল। ২০২২ চনত ডিব্ৰুগড়তো জুবিন অসুস্থ হৈ পৰিছিল আৰু তেওঁক এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ অনা হৈছিল। ২০২১ চনৰ অক্টোবৰত উচ্চৰক্তৰ বাবে আয়ুৰচন্দ্ৰাত ভৰ্তি কৰোৱা হৈছিল। মুম্বাইতো চিকিৎসাৰ বাবে জুবিন কেইবাদিনো থাকিব লগা হৈছিল।

GTM Desk

Related