হাজাৰ হাজাৰ প্ৰেমৰ গীত গোৱা লতাৰ জীৱনত আছিলনে প্ৰেম? কাৰ বাবে চিৰকুমাৰী হৈ ৰ’ল লতা?

হাজাৰ হাজাৰ প্ৰেমৰ গীত গোৱা লতাৰ জীৱনত আছিলনে প্ৰেম? কাৰ বাবে চিৰকুমাৰী হৈ ৰ’ল লতা?

লতা মংগেশকাৰ। ভাৰতৰ জীৱন্ত কিংবদন্তি এইগৰাকী শিল্পী। শিশুৰ পৰা বৃদ্ধলৈকে ঘৰে ঘৰে জনপ্ৰিয় এটি নাম লতা মংগেশকাৰ। ৬ দশক ধৰি নিজৰ কণ্ঠেৰে জনসাধাৰণক মোহাচ্ছন্ন কৰি ৰখা এইগৰাকী বিখ্যাত গায়িকা লতা মংগেশকাৰৰ কেৱল দেশতে নহয় বিদেশতো লাখ লাখ অনুৰাগী আছে। ১৯২৯ চনৰ ২৮ ছেপ্তেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰত এটা মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰক ৰাষ্ট্ৰীয় বঁটা, পদ্মভূষণ, পদ্মবিভূষণ, দাদাচাহেব ফালকে বঁটাকে ধৰি কেইবাটাও বঁটাৰে সন্মানিত কৰা হৈছে। নিজৰ কুকিল কণ্ঠৰে অলেখ প্ৰেমৰ গান গোৱা লতাৰ জীৱনত বাৰু প্ৰেম আছিলনে?লতাই কিয় বিয়া নাপাতিলে এই প্ৰশ্ন বহুতৰে মনলৈ আহে। কিন্তু এই বিষয়ে বহু লোকেই জ্ঞাত নহয়। খুব কম মানুহেহে জানে লতাৰ ব্যক্তিগত জীৱনৰ কথা। লতাক কোনোবাই এইবিষয়ে প্ৰশ্ন কৰিলে ঘৰৰ দায়িত্বৰ কাৰণে বিয়া নহ’লো বুলি কয়। অতি কম বয়সতে তেওঁ গোটেই পৰিয়ালটোৰ দায়িত্ব ল’ব লগা হৈছিল।

ঘৰৰ ডাঙৰ ছোৱালী হিচাপে তেওঁ ভাই-ভনীসকলৰ জীৱনৰ দায়িত্ব লোৱাত ইমান ব্যস্ত পৰিল যে কেতিয়াও নিজৰ বিবাহৰ বিষয়ে চিন্তা কৰাৰ সুযোগেই নাপালে। লতাই যদিও এনেকৈ কয়, তেওঁ বিয়া নোহোৱাৰ আঁৰত আন এক কাহিনী আছিল বুলিও ক’ব খুজে তেওঁৰ ঘনিষ্ঠসকলে। ৰাজস্থানৰ ডুংগৰপুৰ ৰাজপৰিয়ালৰ সন্তান ৰাজ সিঙৰ সৈতে নাম সাঙুৰ খাইছিল লতাৰ। লতা মংগেশকাৰৰ সৈতে ৰাজ সিঙৰ সম্পৰ্কৰ কথা এটা সময়ত প্ৰায়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ১৯৩৫ চনৰ ১৯ ডিচেম্বৰত ৰাজপুতানাৰ দুংগৰপুৰ ৰাজবংশত জন্মগ্ৰহণ কৰিছিল ৰাজ সিঙে। লতা মংগেশকাৰৰ ভায়েকৰ সৈতে বন্ধুত্ব আছিল ৰাজ সিঙৰ। দুয়োজনে একেলগে ক্ৰিকেট খেলিছিল। লতা মংগেশকাৰতকৈ ৰাজ সিং ৬ বছৰৰ সৰু আছিল।

ৰাজ সিঙে আইন পঢ়িবলৈ মুম্বাইলৈ গৈছিল আৰু তেওঁৰ পুৰণি বন্ধু অৰ্থাৎ লতা মংগেশকাৰৰ ভায়েকক পুনৰ লগ পাইছিল। ৰাজ সিঙে প্ৰায়ে লতা মংগেশকাৰৰ ভায়েকক তেওঁৰ ঘৰত লগ কৰিছিল। সময় পাৰ হৈ যোৱাৰ লগে-লগে লতাৰ সৈতেও ৰাজ সিঙৰ বন্ধুত্ব গঢ় লৈ উঠিল। সেই বন্ধুত্বই কেতিয়া প্ৰেমৰ ৰূপ লৈছিল দুয়ো ধৰিবই নোৱাৰিলে। দুয়োজনে ইজনে সিজনক ভালপোৱা স্বত্বেও বিয়া কৰিব নোৱাৰিলে আৰু ইয়াৰ আঁৰৰ কাৰণ আছিল ৰাজ সিঙৰ ঘৰৰ পৰা অহা বাধা। ৰাজ সিঙে ঘৰত লতাক ভালপোৱাৰ কথা জনাইছিল কিন্তু ৰাজ সিঙৰ ৰাজপৰিয়ালে এই প্ৰস্তাৱ একেষাৰতে নাকচ কৰে।

তেওঁৰ পৰিয়ালে কয় যে কোনো সাধাৰণ ঘৰৰ ছোৱালীক ৰাজপৰিয়াললৈ বোৱাৰী কৰি আনিব নোৱাৰি। ঘৰৰ বাধা পাই ৰাজ সিঙে সম্ভৱতঃ সেইকাৰণেই লতাজীৰ সৈতে তেওঁৰ সম্পৰ্কৰ কোনো নাম দিব নোৱাৰিলে। লতাক বিয়া পাতিব নোৱাৰা কাৰণে ৰাজ সিঙে কাকোৱেই বিয়া নাপাতিলে। তেওঁ চিৰকুমাৰ হৈ ৰ’ল। ৰাজ সিং ৰাজনীতিৰ লগতে ক্ৰিকেট জগতৰ সৈতেও সম্পৰ্কিত আছিল। ৰাজ সিং ১৬ বছৰ ধৰি ৰাজস্থানৰ ৰঞ্জী দলৰ সদস্য আছিল আৰু বহু বছৰ ধৰি বিচিচিআইৰ সৈতেও জড়িত আছিল। তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ কেইবাটাও ভ্ৰমণত মেনেজাৰৰ ভূমিকাও পালন কৰিছিল।

২০০৯ চনৰ ১২ ছেপ্টেম্বৰত ৰাজ সিঙৰ মৃত্যু হয়। তেওঁ গোটেই জীৱন মাক দেউতাকক দিয়া প্ৰতিশ্ৰুতি পালন কৰিছিল। তেওঁ সাধাৰণ ঘৰৰ ছোৱালী লতাক বিয়া পাতিব নোৱাৰা দুখত আন কাকোৱেই জীৱনসংগী কৰি আঁকোৱালি নললে। দুয়োৰে বৈবাহিক সম্পৰ্ক স্থাপন নহ’ল যদিও আজীৱন এক আত্মিক সম্পৰ্ক বৰ্তি থাকিল। লতা মংগেশকাৰৰ ঘনিষ্ঠসকলে ক’ব বিচাৰে যে ৰাজ সিঙে যিদৰে নিজ জীৱনলৈ কাকো আদৰি নোলোৱাকৈ চিৰকুমাৰ হৈ ৰ’ল ঠিক তেনেদৰে ৰাজ সিঙৰ বাবেই চিৰকুমাৰী হৈ ৰ’ল লতা মংগেশকাৰ।

 

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.

Related