হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য খোৱাৰ পিছত হেঁকতি আহিবলৈ ধৰে। যেতিয়া এনে পৰিস্থিতি আহে, সকলোৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান সহজ উপায় বিচাৰে। এই শিতানত এনে কেইটামান সহজ ঘৰুৱা উপায় উল্লেখ কৰা হৈছে।

• হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়ঃ

~ পানী

হিকতি বন্ধ কৰাৰ বাবে আগৰে পৰা চলি অহা বিশেষ উপায়টো হৈছে পানী খোৱা, এয়া আটাইতকৈ পুৰণি প্ৰতিকাৰ। যেতিয়াই কাৰোবাৰ হেঁকতি আহিবলৈ ধৰে তেতিয়া লাহে লাহে এগিলাচ পানী খাব, ই অলৌকিকভাৱে ডিঙিত প্ৰভাৱ পেলায়, যাৰ ফলত এই সমস্যা নাইকিয়া হ’ব।

~ উশাহ বন্ধ কৰি দিয়া

যদি কাৰোবাৰ সঘনাই হিকতি আহি থাকে, তেনেহ’লে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু সময়ৰ বাবে উশাহ লোৱা বন্ধ কৰাৰ কৌশল অনুসৰণ কৰক। হাতৰ সহায়ত নাক আৰু মুখ কেইছেকেণ্ডৰ বাবে বন্ধ কৰিলে হিকতি সমস্যা নাইকিয়া হৈ পৰে। অৱশ্যে, যিসকল লোকৰ উশাহ লোৱাত সমস্যা হয়, তেওঁলোকে ইয়াৰ সলনি আন উপায় অৱলম্বন কৰিব।

~ জিভাখন ওলাই দিব

হিকতি আহিলে কেতিয়াবা জিভাখন কিছু সময়ৰ বাবে বাহিৰলৈ ওলাই ৰাখিব। এই কৌশলটো সঁচাকৈয়ে অতিকৈ কাৰ্যকৰী। ইয়াৰ বাবে, লাহে লাহে জিভাখন বাহিৰলৈ উলিয়াই অলপ দেৰি ৰৈ থাকিব। এনে কৰাৰ ফলত হিকতি বন্ধ হ’ব।

~ ঠাণ্ডা পানীৰে কুলকুলি কৰা

কেতিয়াবা হিকতি বন্ধ কৰা কঠিন হৈ পৰিলে ঠাণ্ডা পানীৰে কিছু সময়ৰ বাবে কুলকুলি কৰিব পাৰে। যদি এনেদৰে এবাৰত হিকতি বন্ধ নহয়, তেন্তে প্ৰক্ৰিয়াটো বাৰে বাৰে কৰিব।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

GTM Desk

Related