১১ কোটি ৫০ লাখ পানকাৰ্ড নিষ্ক্ৰিয়, আপোনাৰ পানকাৰ্ডখনো নিষ্ক্ৰিয় হৈছে নেকি?
দেশত নিষ্ক্ৰিয় কৰা হৈছ ১১ কোটি ৫০ লাখ পানকাৰ্ড। হঠাৎ নিষ্ক্ৰিয় হৈ পৰিছে পানকাৰ্ডসমূহ। হাহাকাৰ লাগিছে দেশৰ ১১ কোটিতকৈয়ো অধিক জনতাৰ। ক’তো ব্যৱহাৰ কৰিব পৰা নাই পানকাৰ্ডসমূহ। আধাৰ কাৰ্ডৰ পাছতেই কেন্দ্ৰীয় আয়কৰ বিভাগে বাতিল কৰিছে দেশৰ ১১ কোটি ৫০ লাখ লোকৰ পানকাৰ্ড। পিছে কি কাৰণত নিষ্ক্ৰিয় কৰা হৈছে এই পানকাৰ্ডসমূহ?
এগৰাকী RTI কৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কৰা এক প্ৰশ্নৰ উত্তৰত এই কথা জনাই কেন্দ্ৰীয় আয়কৰ বিভাগে। আয়কৰ বিভাগৰ তথ্য অনুসৰি, নিষ্ক্ৰিয় কৰি দিয়া হৈছে ১১ কোটি ৫০ লাখ পানকাৰ্ড। এইসকল লোকে কৰা নাছিল এটা বিশেষ কাম। যাৰ বাবে নিষ্ক্ৰিয় কৰি দিয়া হৈছে পানকাৰ্ডসমূহ। আপোনাৰে পানকাৰ্ডখন এবাৰ পৰীক্ষা কৰি চাওক। যদি নিষ্ক্ৰিয় হৈ পৰিছে তেনেহ’লে কৰক এই কাম।
পানকাৰ্ড থকা দেশৰ ৭০ কোটিতকৈয়ো অধিক লোকক পানকাৰ্ডৰ সৈতে আধাৰকাৰ্ড সংযোগ কৰিবলৈ আহ্বান জনোৱা হৈছিল। ২০২৩ চনৰ ৩০ জুনলৈ বান্ধি দিয়া হৈছিল সময়সীমা। কিন্তু এই সময়সীমাৰ ভিতৰত ১১ কোটিতকৈয়ো অধিক লোকে আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰিলে পানকাৰ্ড। যাৰ ফলত এতিয়া নিষ্ক্ৰিয় কৰি দিয়া হৈছে এই কাৰ্ডসমূহ। কোনো ক্ষেত্ৰতে ব্যৱহাৰৰ অযোগ্য হৈ পৰিছে সেইসমূহ পানকাৰ্ড। কিন্তু কি কৰিব এতিয়া এইসকল লোকে? কিদৰে সক্ৰিয় কৰিব পাৰিব পানকাৰ্ডসমূহ?
যিসকললোকৰ পানকাৰ্ড নিষ্ক্ৰিয় হৈ পৰিছে সেইসকল লোকে ভৰিব লাগিব জৰিমনা। নতুনকৈ বনোৱা কাৰ্ডতকৈ ১০গুণ অধিক জৰিমনা কৰিব লাগিব পানকাৰ্ডখন সক্ৰিয় কৰি তুলিবলৈ। ইয়াৰ জৰিয়তে এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব চৰকাৰে। প্ৰায় ১২ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহ কৰিব চৰকাৰে। কিন্তু আপোনাৰ জৰিমনাৰ পৰিমাণ কিমান হ’ব।
যিসকল লোকৰ পানকাৰ্ড নিষ্ক্ৰিয় হৈ পৰিছে সেইসকল লোকে ভৰিব লাগিব এহেজাৰ টকাকৈ জৰিমনা। ১০০০ টকা জৰিমনা ভৰি নিজৰ পানকাৰ্ডখন সক্ৰিয় কৰাটো বাধ্যতামূলক। যাৰ জৰিয়তে চৰকাৰে লাভ কৰিব এক বৃহত অংকৰ ধন। যাক লৈ সৃস্তি হৈছে প্ৰতিক্ৰিয়াৰ।