১ জানুৱাৰীৰ পৰা নিয়মিতভাৱে আৰম্ভ হ’ব স্কুল-কলেজ | Assam

১ জানুৱাৰীৰ পৰা নিয়মিতভাৱে আৰম্ভ হ’ব স্কুল-কলেজ | Assam

১জানুৱাৰীৰ পৰা ৰাজ্যজুৰি নিয়মিতভাৱে আৰম্ভ হ’ব স্কুল কলেজ। এই মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈ সকলো খোলা হ’ব।

বৰ্তমান ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা অতি কম। দৈনিক প্ৰায় ১০০তকৈও তলত পজিটিভৰ সংখ্য়া আছে। গতিকে বৰ্তমান কোনোধৰণৰ লক ডাউনৰ কথা চিন্তা কৰা নাই চৰকাৰে। দেশত যদি আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয় তেন্তে কেন্দ্ৰৰ সিদ্ধান্ত মতেহে সিদ্ধান্ত ল’ব চৰকাৰে। কিন্তু বৰ্তমান পূৰ্বৰ দৰে নহয় নিয়মিতভাৱে স্কুল-কলেজ খোলা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

Shahnawaz Hamza