২০০০ কোটি টকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী! আদালতৰ চমন জাৰি…

২০০০ কোটি টকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী! আদালতৰ চমন জাৰি…

এজনৰ পাছত আন এজন ৰাজনৈতিক নেতা সোমাই পৰিছে বিতৰ্কত।আইনী মেৰপাচত সোমোৱাৰ দিশে কেইবাজনো নেতা। এইবাৰ দিল্লী উচ্চ ন্যায়ালয়ে মানহানিৰ গোচৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, আদিত্য ঠাকৰে আৰু সঞ্জয় ৰাউতলৈ চমন জাৰি কৰিছে। এই নেতা সকলক ১৭ এপ্ৰিলত মাতি পঠোৱা হৈছে।

সিন্দে গোটৰ নেতা ৰাহুল ৰমেশ শেৱালেৰ দ্বাৰা দাখিল কৰা অৱমাননা আবেদনৰ ওপৰত এই চমন জাৰি কৰা হৈছে। সঞ্জয় ৰাউত আৰু অন্য নেতাসকলে কৈছিল যে একনাথ সিন্দে গোটে ২,০০০ কোটি টকাৰ বিনিময়ত শিৱসেনাৰ চিহ্ন ক্ৰয় কৰিছিল।

শেৱালে তেওঁৰ আবেদনত দাবী কৰিছে যে আদালতে উদ্ধৱ থাকৰে আৰু বাকী নেতা সকলক ভৱিষ্যতে এনে ধৰণৰ মন্তব্য দিয়াত বাধা দিব লাগে। এই ক্ষেত্ৰত আদালতে কৈছে যে এয়া এক ৰাজনৈতিক বিষয়। গতিকে অন্য দলে এই ক্ষেত্ৰত মাত মাতিব নালাগে।

এতিয়া ১৭ এপ্ৰিলৰ পাছতহে পোহৰলৈ আহিব আদালতে কি কয় এই সন্দৰ্ভত। ইতিমধ্য মনাহানিৰ গোচৰত চুৰাট নিম্ন আদালতে ২ বছৰৰ কাৰাদণ্ড বিহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এইবাৰ দিল্লী উচ্চ ন্যায়ালয়ে কি কয় সেয়া হ’ব লক্ষণীয়।

GTM Desk

Related