৩০ অক্টোবৰৰ ভিতৰত মন্ত্রীগোটে দাখিল কৰিব জনজাতিকৰণৰ প্রতিবেদন

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দর্ভত গঠন কৰা মন্ত্রীগোটে অহা ৩০ অক্টোবৰৰ ভিতৰত কেন্দ্রীয় চৰকাৰক দাখিল কৰিব প্রতিবেদন৷ শুকুৰবাৰে এই কথা সদৰী কৰিছে মন্ত্রীগোটৰ  অধ্যক্ষ তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ খানাপাৰাস্থিত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ছয় জনগোষ্ঠীৰ বিভিন্ন দল–সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত মন্ত্রী ড০ শর্মাই কয়– ‘আজি সমগ্র দিনটো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কত আলোচনা কৰা হয়৷ কালিও একেটা বিষয়ৰ ওপৰত গুৰুত্বপূর্ণ আৰু দীঘলীয়া আলোচনা হৈছিল৷ ইতিমধ্যে এই সন্দর্ভত বহুখিনি সমস্যাৰ সমাধান হৈছে৷ কিছু প্রশ্ন এতিয়াও অমীমাংসিত হৈ আছে৷ কিন্তু মন্ত্রীগোটে নিজৰ দায়িত্ব সমাপন কৰি ৩০ অক্টোবৰৰ ভিতৰত প্রতিবেদন দাখিল কৰিব৷ আমি আশা কৰিব পাৰোঁ যে প্রতিবেদনখনৰ জৰিয়তে অসমৰ এই সমস্যা সমাধানৰ ক্ষেত্রত কিছু আগবাঢ়ি যাব পাৰিম৷’ ইপিনে ২০২১ চনৰ বিধানসভা নির্বাচনৰ পূর্বে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব নেকি বুলি সোধা প্রশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে এই বিষয়টো নির্বাচনৰ সৈতে জড়িত কৰিব নালাগে৷ জনজাতিকৰণৰ বিষয়টো অৰাজনৈতিকভাৱে যোৱা উচিত৷ নির্বাচন আহিব আৰু যাব৷ কিন্তু জনজাতিকৰণৰ এই সিদ্ধান্ত বহু শ বছৰৰ কাৰণে ৰৈ যাব৷ এই বিষয়টোৰ সৈতে নির্বাচনৰ কোনো সম্পর্ক দেখা নাই৷ উল্লেখ্য যে আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী, চুতীয়া আৰু কোচ ৰাজবংশীসকলক জনজাতিৰ মর্যাদা প্রদানৰ বাবে দীর্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে৷ অৱশ্যে স্বীকৃতিপ্রাপ্ত একাংশ জনজাতিয়ে এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে৷ তেওঁলোকে অভিযোগ উত্থাপন কৰি আহিছে যে নতুনকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে স্বীকৃতিপ্রাপ্ত জনজাতিসকলে উপভোগ কৰি অহা সা–সুবিধাত ব্যাঘাত জন্মিব৷ কালি মন্ত্রীগোটে জনজাতিৰ বিৰোধিতা কৰা দল–সংগঠনসমূহ সৈতে মিলিত হৈছিল৷

জনজাতিকৰণক লৈ সৃষ্টি হোৱা এই মত পার্থক্য যথেষ্ট দূৰ হৈছে বুলি মন্তব্য কৰি ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘দূৰ হোৱা মত পার্থক্য প্রায় ৬০ শতাংশ৷ ৪০ শতাংশহে মত পার্থক্য আছে৷ এক–দুইলানি অনানুষ্ঠানিক আলোচনাৰ অন্তত ৩০ অক্টোবৰৰ ভিতৰত মন্ত্রীগোটে এই প্রতিবেদন দাখিল কৰিব পাৰিব৷’ অৱশ্যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রীগোটৰ আনুষ্ঠানিক আলোচনা আজিয়েই সামৰণি পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিষয়ত মন্ত্রীগোটৰ আৰু আনুষ্ঠানিক আলোচনা অনুষ্ঠিত নহ’ব৷ সকলোৱে ইতিমধ্যে নিজৰ মন্তব্য প্রকাশ কৰিছে৷ দুই–এটা বিষয়ত স্পষ্টীকৰণ বিচৰা হৈছে৷ তেওঁলোকে নথিপত্র দাখিল কৰিলে দুই–এক অনানুষ্ঠানিক আলোচনা হ’ব পাৰে৷ কিন্তু আনুষ্ঠানিক আলোচনা ইমানতে অন্ত পৰিছে৷ ইপিনে, কেন্দ্রীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মডেলিটী প্রস্তুত কৰি দিয়াৰ দায়িত্ব অর্পণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘আমি মডেলিটী প্রস্তুত কৰি দিম৷ কেন্দ্রীয় চৰকাৰে আমাৰ পৰামর্শত সন্তুষ্ট হ’লে আলোচনা অনুষ্ঠিত নকৰাকৈ প্রক্রিয়াটো সম্পূর্ণ হ’ব৷ আমাৰ পৰামর্শৰ ওপৰত আইনগতভাৱে বিবেচনা কৰিব পাৰে অথবা কেন্দ্রীয় চৰকাৰৰ প্রক্রিয়া কি হ’ব, সেয়া মই নাজানো৷ কিন্তু ৰাজ্য চৰকাৰৰ যি প্রক্রিয়া সেয়া আমি সম্পূর্ণ কৰিম৷’

 

SOURCE:Niyomiyabarta.com

You May Also Like

More From Author